• চাকমা-হাজং শৰণাৰ্থীৰ সংস্থাপনৰ প্ৰসংগই জোকাৰিছে অসম; কিয় হৈছে বিতৰ্ক? ৰিজিজুৱে সলালে সুৰ

    ৰাজনৈতিক
    চাকমা-হাজং শৰণাৰ্থীৰ সংস্থাপনৰ প্ৰসংগই জোকাৰিছে অসম; কিয় হৈছে বিতৰ্ক? ৰিজিজুৱে সলালে সুৰ
    ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ শেহতীয়া এটা ঘোষণাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত৷ ৰিজিজুৰ ঘোষণা অনুসৰি, নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অৰুণাচল প্ৰদেশত থকা বহুবিতৰ্কিত চাকমা আৰু হাজং শৰণাৰ্থীসকলক নিৰ্বাচনৰ পাছত অসমত সংস্থাপিত কৰা হ’ব৷ এই বিষয়টোক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰিছে ৰিজিজুৱে৷ 

    স্বয়ং কিৰেন ৰিজিজুৱে নিজেই প্ৰকাশ কৰিছিল এই কথা৷ সোমবাৰে ইটানগৰত অনুষ্ঠিত এখন সংবাদমেলত ৰিজিজুৱে উল্লেখ কৰা মতে চাকমা আৰু হাজংসকল অৰুণাচল প্ৰদেশৰ অস্থায়ী বাসিন্দাহে, তেওঁলোকৰ অৰুণাচল প্ৰদেশত কোনো স্থান নাই। নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পাছত সেই আইন অনুসৰি ভাৰতত থকা বা ধৰ্মীয় উৎপীড়নৰ ফলত ৩ খন ৰাষ্ট্ৰৰ পৰা বিতাড়িত লোকসকলক ভাৰত চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিব৷

    সেই অনুসৰি বাহিৰৰ পৰা কোনো লোকক অসমত সংস্থাপন নকৰিলেও অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ লগত আলোচনা কৰি চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপন কৰাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে স্পষ্ট কৰি দিয়ে৷

    উল্লেখ্য যে, অৰুণাচল প্ৰদেশত থৰা চাকমা আৰু হাজং শৰণাৰ্থীৰ সংখ্যা বৰ্তমান প্ৰায় ৬৭,০০০গৰাকী। তেওঁলোকেও অৰুণাচল প্ৰদেশত সংস্থাপনৰ বাবে উচ্চতম ন্যায়ালয়ত সমানে যুঁজ চলাই আছে।

    কোন এই চাকমা আৰু হাজংসকল?

    চাকমা আৰু হাজংসকল পূৰ্বৰ পূব পাকিস্তানৰ চিটাগং পাহাৰীয়া অঞ্চলৰ বাসিন্দা আছিল। ১৯৬০ চনত কাপ্তাই বান্ধ প্ৰকল্পৰ ফলত তেওঁলোকৰ বসতি স্থান ডুব যোৱাৰ বাবে পলায়ন কৰিবলগীয়া হৈছিল৷ বৌদ্ধ ধৰ্মাৱলম্বী চাকমা আৰু হিন্দু হাজংসকলেও পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) ধৰ্মীয় অত্যাচাৰৰ সন্মুখীন হৈছিল৷

    চাকমা আৰু হাজংসকলে অসমৰ তেতিয়াৰ লুছাই পাহাৰ জিলা (বৰ্তমান মিজোৰাম)ৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল৷ চট্টগ্ৰাম পাহাৰীয়া অঞ্চলৰ ভিতৰত চাকমাসকল সৰ্ববৃহৎ জনগোষ্ঠী আৰু এই অঞ্চলৰ জনসংখ্যাৰ আধা অংশ৷ উত্তৰ-পূব ভাৰতৰ তিব্বত-বাৰ্মা গোট আৰু পূব এছিয়াৰ জনসংখ্যাৰ সৈতে চাকমাসকলৰ সাদৃশ্য থকা দেখা যায়৷ অসমত চাকমা মানুহৰ অনুসূচিত জনজাতিৰ মৰ্যাদা আছে৷

    আনহাতে, মেঘালয়ৰ চতুৰ্থ বৃহত্তম জনগোষ্ঠী হৈছে হাজং। হাজংসকলে প্ৰধানকৈ ধান খেতি কৰি আহিছে আৰু ভাৰত (অসম আৰু মেঘালয়)ত অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰিছে ৷ তথ্য অনুসৰি, ১৯৬৪-৬৯ চনত এই শৰণাৰ্থীসকলৰ সংখ্যা প্ৰায় ৫ হাজাৰৰ পৰা ১ লাখলৈ বৃদ্ধি পাইছে। বৰ্তমান তেওঁলোকৰ নাগৰিকত্ব আৰু ভূমিৰ অধিকাৰ নাই, যদিও ৰাজ্য চৰকাৰে মৌলিক সুবিধা প্ৰদান কৰিছে৷

    কিয় হৈছে বিতৰ্ক?


    চাকমা আৰু হাজঙৰ বিষয়টোৱে বহুদশক ধৰি সীমান্ত ৰাজ্যখনত আলোড়নৰ সৃষ্টি কৰি আহিছে । ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰক চাকমা আৰু হাজংসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায় গ্ৰহণ আৰু কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল। ২০২২ চনৰ আগষ্টত অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন (এএপিএছইউ)ৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে চাংলাং জিলাত বাস কৰা চাকমা আৰু হাজং শৰণাৰ্থীসকলক আৰু আৱাসিক প্ৰমাণ পত্ৰ প্ৰদান নকৰে৷

    আৱাসিক প্ৰমাণৰ অভাৱত চাকমা আৰু হাজংসকলক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা নহয় আৰু সেয়েহে, যিকোনো চৰকাৰী চিনাক্তকৰণ নথিৰ বাবে অযোগ্য। চাংলাং জিলাৰ এগৰাকী অতিৰিক্ত সহকাৰী আয়ুক্ত (ইইএচি)ৰ দ্বাৰা জাৰি কৰা আৱাসিক প্ৰমাণ প্ৰমাণপত্ৰসমূহো তেওঁৰ সেৱাৰ পৰা নিলম্বিত কৰা হৈছিল৷ ইপিনে, ২০২৩ চনৰ ২৪ এপ্ৰিলত এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ঘোষণা কৰিছিল যে অসমৰ সৈতে সীমা বিবাদ সমাধান কৰাৰ পাছত তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত বিতাড়িত কৰি চাকমা হাজং সমস্যা সমাধান কৰিব, কিয়নো তেওঁলোক শৰণাৰ্থী হোৱাৰ বাবে ৰাজ্যখনত স্থায়ীভাৱে বসতি স্থাপন কৰিব নোৱাৰে৷

    আৰু এই সমগ্ৰ বিষয়টো অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে স্থিতি সলনি কৰিছে৷ বৃহস্পতিবাৰে তেওঁ কয় যে তেওঁ চাকমা-হাজংসকলক অসমত সংস্থাপিত কৰিব বুলি কোৱা নাছিল৷ এয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ভাবমূৰ্তি ম্লান কৰিবলৈ এটা চক্ৰই চলোৱা প্ৰচাৰহে৷