scatter hitamscatter hitamslot thailandmpo slotslot thailandsv388
ক্ৰমাৎ লোকপ্ৰিয়তা নিম্নগামী হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ! ৰাণী নৰহৰ পাছত এইবাৰ জুবেইৰ আনমলৈ চমন Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • ক্ৰমাৎ লোকপ্ৰিয়তা নিম্নগামী হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ! ৰাণী নৰহৰ পাছত এইবাৰ জুবেইৰ আনমলৈ চমন

    ৰাজনৈতিক
    ক্ৰমাৎ লোকপ্ৰিয়তা নিম্নগামী হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ!  ৰাণী নৰহৰ পাছত এইবাৰ জুবেইৰ আনমলৈ চমন
    ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ পছোৱাই স্পৰ্শ কৰিছে অসমৰ ৰাজনীতি৷অসমত গত সময়চোৱাত দেখা গৈছে  এক পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ৷কিছু দিনৰ পূৰ্বে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷তহবিলদাৰৰ স্বনিধনৰ পাছত অসমত এক নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ সজোৰে উচ্চাৰিত হৈছে৷এইসমূহৰ মাজতে বিজেপিত দেখা গৈছে পুৰণি বনাম নতুন সদস্যৰ সংঘাত৷যাৰ পাছত ৰাজ্যৰ বহু জ্যেষ্ঠ নেতাই  মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰে৷তদুপৰি এতিয়া অসমত মুখ্যমন্ত্ৰীৰ পত্নী আৰু চৰকাৰী ৰাজসাহায্যৰো এক বিষয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অৱতাৰণা কৰি বিতৰ্কৰ সূত্ৰপাত কৰে৷যাৰ পাছত অসমত এক পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ কামনা অসমৰ জনসাধাৰণে কৰা দেখা গৈছে৷


    ইপিনে চৰকাৰৰ এইসমূহ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই প্ৰাক্তন সাংসদ ৰাণী নৰহক এক কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত চমন কৰে৷তদুপৰি আজি ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰকো চিআইডি-এ চমন জাৰি কৰে৷বৰ্তমান সময়ত বহুবাৰ কেন্দ্ৰত থকা চৰকাৰখনৰ বিৰুদ্ধে দেশৰ তদন্তকাৰী সংস্থাসমূহক বিৰোধী নেতাসকলৰ বিৰুদ্ধে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ঠিক তেনে এই পৰিবেশৰ সৃষ্টি অসম মুলুকতো কৰা হৈছে৷তাক লৈয়ো বহুতো সচেতন ব্যক্তিৰ মাজত প্ৰশ্নৰ উদয় হৈছে৷