• বিজেপিৰ সদস্য হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ ; মধ্যপ্ৰদেশৰ এজন চালকৰ পৰা কাঢ়ি নিলে ম’বাইল ফোন

    ৰাজনৈতিক
    বিজেপিৰ সদস্য হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই আক্ৰমণ ; মধ্যপ্ৰদেশৰ এজন চালকৰ পৰা কাঢ়ি নিলে ম’বাইল ফোন
    ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি চলি আছে ভাৰতীয় জনতা দলৰ সদস্যপদ অভিযান৷ সদস্য পদ অভিযানৰ আৰম্ভণী অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সদস্য পদ নৱীকৰণ কৰি ‘এই অভিযান দলটোৰ সদস্য সংখ্যা বৃদ্ধি কৰা মূল লক্ষ্য নহয়, এই অভিযানত দলৰ মতাদৰ্শগত আৱেগ নিহিত আছে’ বুলি মন্তব্য প্ৰদান কৰিছিল৷সম্প্ৰতি ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হোৱা এই অভিযানৰ অধীনত সদস্য যোগদান প্ৰক্ৰিয়াত বল প্ৰয়োগ কৰাৰ খবৰ পোহৰলৈ আহিছে৷

    মধ্যপ্ৰদেশৰ ছত্তীসগঢ়ত বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগকৰা এক ঘটনা পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি বিজেপিৰ সদস্য হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই মানৱেন্দ্ৰ সিং যাদৱ নামৰ চালক জনক মাৰধৰ কৰাৰ লগতে ম’বাইল ফোনো কাঢ়ি লৈ যায় বিজেপিৰ কৰ্মীয়ে৷ এন এইছ আইৰ কেমেৰাৰ সহায়ত এই অপৰাধৰ সৈতে জড়িত বিজেপি কৰ্মীসকলক চিহ্নিত কৰিব পৰা যাব বুলি সদৰি কৰিছে৷ এই ঘটনাৰ পাছত ভুক্তভোগী মানৱেন্দ্ৰ সিং যাদৱ নামৰ চালক জনে শংকিত হৈ ঘটনা সন্দৰ্ভত বামিঠা আৰক্ষী থানাত অভিযোগ উত্থাপন কৰিছে। অজ্ঞাত বিজেপিৰ কৰ্মীৰ কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি সদৰি কৰিছে।    

    উল্লেখযোগ্য যে ২০২৪ বৰ্ষত ১.৫ কোটি সদস্য বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপি দলে৷ সম্প্ৰতি সদস্য যোগদান কৰোৱাৰ নামত সংঘটিত এনে ঘটনাই দলটোৰ নীতি-আদৰ্শগত দিশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে৷