comScore
  • 'নাটু নাটু' নহয় এইবাৰ 'মোদী মোদী'ৰে গুজৰিত কৰ্ণাটক; ভোটাৰক আকৰ্ষণৰ চেষ্টা বিজেপিৰ

    ৰাজনৈতিক
    'নাটু নাটু' নহয় এইবাৰ 'মোদী মোদী'ৰে গুজৰিত কৰ্ণাটক; ভোটাৰক আকৰ্ষণৰ চেষ্টা বিজেপিৰ
    ডিজিটেল ডেস্কঃ "নাটু নাটু" নহয়, কৰ্ণাটকত বিজেপিয়ে মুকলি কৰিলে "মোদী মোদী" গীতৰ নতুন সংস্কৰণ৷কৰ্ণাটকৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে সাজু হোৱাৰ সময়তে মঙলবাৰে শাসকীয় বিজেপিয়ে তেলেগু ছবি ‘আৰ আৰ আৰ’ৰ অস্কাৰ বিজয়ী গীত ‘নাটু নাটু’ৰ নিজা সংস্কৰণ মুকলি কৰে। নিৰ্বাচনী প্ৰচাৰ গীতত ভাৰতীয় জনতা পাৰ্টিয়ে ‘নাটু নাটু’ গীতৰ ঠাইত ‘মোদী মোদী' গীতৰ কথা উল্লেখ কৰি ৰাজ্যত গেৰুৱা দলৰ সাফল্যৰ ওপৰত আলোকপাত কৰিছে।

    ভিডিঅ’টোত একাংশ লোকে উল্লাসজনক গীত ‘নাটু নাটু' ৰ হুক ষ্টেপত এচিং কৰা দেখা গৈছে। বিগত তিনি বছৰত ৰাজ্যখনত বিজেপিৰ কাম-কাজ আৰু শিৱমোগ্গা বিমানবন্দৰ, বেংগালুৰু – মহীশূৰ এক্সপ্ৰেছৱে, মেট্ৰ’ লাইন, আৰু অন্যান্য আঁচনিৰ দৰে প্ৰকল্পৰ ওপৰত দলটোৱে প্ৰচাৰ গীতত গুৰুত্ব আৰোপ কৰিছে।

    উল্লেখযোগ্য যে,২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অহা ১০ মে’ত আৰু ফলাফল ঘোষণা হ’ব ১৩ মে’ত।এই নিৰ্বাচনী যুঁজখন মূলতঃ কংগ্ৰেছ, বিজেপি আৰু ৰাজ্যৰ জেডি(এছ)ৰ মাজত হ’ব।

    ইফালে, কৰ্ণাটকত ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ১৭৫ জনতকৈ অধিক বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা দিল্লীলৈ উভতি অহাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চূড়ান্ত আলোচনাৰ অন্তত প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই মঙলবাৰে প্ৰকাশ কৰে।