• লোকসভা নিৰ্বাচনৰ পূৰ্বে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনে স্থাপন কৰিব বিৰোধীৰ ভেটি; সংবাদমেলত ৰাঘৱৰ কেইবাটাও নতুন ঘোষণা

    ৰাজনৈতিক
    লোকসভা নিৰ্বাচনৰ পূৰ্বে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনে স্থাপন কৰিব বিৰোধীৰ ভেটি; সংবাদমেলত ৰাঘৱৰ কেইবাটাও নতুন ঘোষণা
    ডিজিটেল ডেস্ক: বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰাজনীতিত মুখামুখি হ’বলৈ আগবাঢ়িছে ‘ইণ্ডিয়া’ মিত্ৰজোঁট৷ ২০২৩ৰ জুলাইত বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন হোৱাৰ পাছত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে ‘ইণ্ডিয়া’৷ 

    আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাই কয় যে বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বিজেপিৰ বিৰুদ্ধে প্ৰথমটো নিৰ্বাচনত যুঁজিবলৈ সাজু হৈছে আৰু চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ভেটি স্থাপন কৰিব।
    এখন সংবাদমেল সম্বোধন কৰি চাদ্ধাই কয়, ইণ্ডিয়া ব্লকে নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ আছে।

    বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ সন্দৰ্ভত ৰাঘৱ চাদ্ধাই কয়, আমি বিশ্বাস কৰোঁ যে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপি পৰাজিত হ'ব। এয়া ইণ্ডিয়া ব্লক আৰু বিজেপিৰ মাজত পোনপটীয়া যুঁজ।

    চাদ্ধাই লগতে কয়, আপ আৰু কংগ্ৰেছে একেলগে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত যুঁজ দিব, যিটো লোকসভা নিৰ্বাচনৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে৷

    মেয়ৰ নিৰ্বাচন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল, সেই বৈঠকত কেইবাটাও বিষয় আলোচনা কৰা হৈছিল আৰু একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প শক্তিশালী হৈছিল বুলি চাদ্ধাই সদৰী কৰে৷ লগতে মেয়ৰ প্ৰাৰ্থীজন আম আদমী পাৰ্টিৰ হ'ব, আনহাতে দুয়োজন ডেপুটি মেয়ৰ প্ৰাৰ্থী কংগ্ৰেছৰ হ'ব বুলি ৰাঘৱ চাদ্ধাই উল্লেখ কৰে৷