• ২দিনত বিজেপিৰ দুই সাংসদৰ পদত্যাগ; ৰাহুল কাছৱানেও যোগ কৰিলে কংগ্ৰেছত

    ৰাজনৈতিক
    ২দিনত বিজেপিৰ দুই সাংসদৰ পদত্যাগ; ৰাহুল কাছৱানেও যোগ কৰিলে কংগ্ৰেছত
    ডিজিটেল ডেস্কঃ ২ দিনত বিজেপিৰ ২ গৰাকী সাংসদে এৰিলে গেৰুৱা শিবিৰ। হিছাৰ লোকসভা আসনৰ সাংসদ ব্রিজেন্দ্ৰ সিঙৰ পাছত এতিয়া চুৰু লোকসভা সমষ্টিৰ সাংসদ ৰাহুল কাছৱানে বিজেপি ত্যাগ কৰিছে। বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ পাছত দিল্লীত কংগ্ৰেছত যোগদান কৰে। ৰাহুল কাছৱানে দুবাৰকৈ বিজেপিৰ সাংসদ আৰু পিতৃ ৰামসিং কাছৱান তিনিবাৰ বিজেপিৰ সাংসদ আছিল। দৰাচলতে ভাৰতীয় জনতা পাৰ্টীয়ে শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল, য’ত বৰ্তমানেও থকা একাংশ সাংসদৰ টিকট কৰ্তন কৰা হৈছিল। টিকট বাতিল হোৱা অধিকাংশ সাংসদে দলৰ সিদ্ধান্ত মানি লৈছিল যদিও টিকট বাতিল হোৱাত ৰাহুল কাছৱানে বিদ্ৰোহ কৰিছিল।

    চুৰুৰ সাংসদ কংগ্ৰেছত যোগদান সন্দৰ্ভত কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কয় যে ৰাহুল কাছৱানক কংগ্ৰেছত যোগদান কৰাৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছোঁ। সামন্তীয় চিন্তাধাৰাৰ বিৰুদ্ধে যুঁজ দিয়া ৰাহুল কাছৱানে কংগ্ৰেছ দলত যোগদান কৰাত মই সুখী। এনে মতাদৰ্শৰে যদি কংগ্ৰেছ দলত যোগদান কৰাৰ ধাৰা অব্যাহত থাকে তেতিয়া বিজেপিৰ কোনো কাম সমাধা নহ’ব।  


    উল্লেখ্য যে চুৰু লোকসভা আসনৰ পৰা দুবাৰৰ সাংসদ কাছৱানৰ ঠাইত পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী দেৱেন্দ্ৰ ঝাঝাৰিয়াক বিজেপিয়ে টিকট দিছে।এই ঘটনাৰ মাত্ৰ এদিন আগতে অৰ্থাৎ দেওবাৰে (১০ মাৰ্চ) হিছাৰ লোকসভাৰ আসনৰ পৰা বিজেপি সাংসদ হাৰিয়ানাৰ ব্রিজেন্দ্ৰ সিঙে দলৰ পৰা পদত্যাগ কৰিছিল। বিজেপি ত্যাগ কৰি সাংসদজনে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত ব্রিজেন্দ্ৰ সিঙে কংগ্ৰেছত যোগদান কৰিছিল।ব্ৰিজেন্দ্ৰ সিঙে বিজেপিৰ পৰা পদত্যাগৰ তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল। ব্ৰিজেন্দ্ৰ সিঙে কৈছিল যে ৰাজনৈতিক কাৰণত মই বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছো। মই দল (বিজেপি)ৰ লগতে প্ৰধানমন্ত্ৰী মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে মোক হিছাৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ প্ৰদান কৰিছিল।