ডিজিটেল ডেস্ক: ভাৰত জোড়ো যাত্ৰা পশ্চিম বংগত প্ৰৱেশৰ দুদিন পূৰ্বে ‘ইণ্ডিয়া’ মিত্ৰজোঁটত আউল লগালে মমতা বেনাৰ্জীয়ে৷ লোকসভা নিৰ্বাচনত পশ্চিম বংগত তৃণমূল কংগ্ৰেছে এককভাৱে অৱতীৰ্ণ হ’ব বুলি মমতা বেনাৰ্জীয়ে ঘোষণা কৰাৰ পাছতেই হতবাক হৈ পৰিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’৷
মমতা বেনাৰ্জীৰ ঘোষণাৰ পাছতে কংগ্ৰেছে বুধবাৰে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী অবিহনে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কথা কল্পনা কৰিব নোৱাৰি। দলটোৱে তৃণমূল কংগ্ৰেছক ‘ইণ্ডিয়া’ ব্লকৰ শক্তিশালী স্তম্ভ বুলিও উল্লেখ কৰিছিল৷
এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে ‘ইণ্ডিয়া’ই পশ্চিম বংগত মিত্ৰতাৰ দৰে যুঁজ দিব আৰু আশা কৰে যে তৃণমূল কংগ্ৰেছৰ সৈতে ভৱিষ্যতে আসন ভাগ-বটোৱাৰাৰ আলোচনা ফলপ্ৰসূ হ’ব।
ৰমেশে কয়, মমতা বেনাৰ্জীয়ে কৈছিল যে আমি বিজেপিক পৰাস্ত কৰিব বিচাৰোঁ আৰু আমি বিজেপিক পৰাস্ত কৰিবলৈ যিকোনো কাম কৰিম। ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছিল যে মমতাজী আৰু তৃণমূল কংগ্ৰেছ ‘ইণ্ডিয়া’ ব্লকৰ শক্তিশালী স্তম্ভ। মমতাজীৰ অবিহনে আমি ‘ইণ্ডিয়া’ ব্লকৰ কথা কল্পনাই কৰিব নোৱাৰো৷
Leave A Comment