• কংগ্ৰেছে পুনৰাৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা; লোকসভা নিৰ্বাচনত কংগ্ৰেছক সহায় কৰিবনে ৰাহুলৰ পদযাত্ৰাই?

    ৰাজনৈতিক
    কংগ্ৰেছে পুনৰাৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা; লোকসভা নিৰ্বাচনত কংগ্ৰেছক সহায় কৰিবনে ৰাহুলৰ পদযাত্ৰাই?
    ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৱে জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিব। 

    কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ২১ ডিচেম্বৰত কংগ্ৰেছ ৱ’ৰ্কিং কমিটীৰ বৈঠকত ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰসংগ উল্লেখ কৰিছিল। দ্বিতীয় পৰ্যায়ত ভাৰত জোড়ো যাত্ৰা অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈ চলিব।

    যোৱা বছৰ ১২ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ২০২৩ৰ ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰত সমাপ্ত হৈছিল৷ কংগ্ৰেছে এই যাত্ৰাক সফল বুলি বৰ্ণনা কৰিছিল আৰু দাবী কৰিছিল যে দলটোৱে জনসাধাৰণৰ পৰা আশানুৰূপ সমৰ্থন লাভ কৰিছে।

    ভাৰত জোড়ো যাত্ৰাই তেতিয়া ১২খন ৰাজ্যক সামৰি ১৩৬দিনত ৪,০০০ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰিছিল।

    কংগ্ৰেছ দলে কৈছিল যে ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য ৰাজনৈতিক নহয়, উদ্দেশ্য মানুহক সংযোগ কৰা। অৱশ্যে, এই ভ্ৰমণকালত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। 

    এতিয়া ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই দলটোক লাভান্বিত কৰিব নেকি? এইটো এটা বৃহৎ প্ৰশ্ন।

    এবিপি নিউজৰ বাবে চলোৱা চি ভোটাৰৰ সমীক্ষাত অধিকাংশ লোকে কৈছিল যে কংগ্ৰেছে ২০২৪ত ভাৰত জোড়ো যাত্ৰাৰ পৰা লাভান্বিত নহ’ব৷

    ভাৰত জোড়ো যাত্ৰাই ২০২৪ত কংগ্ৰেছক লাভান্বিত কৰিব নেকি?
    উৎস- চি ভোটাৰ 

    কৰিব: ৪৪%

    নকৰে: ৪৬%

    অজ্ঞতা প্ৰকাশ: ১০%

    জৰীপটোত ৪৬ শতাংশই কৈছিল যে ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক লাভান্বিত নকৰে আৰু ৪৪ শতাংশই কৈছিল যে এই যাত্ৰাই দলটোক লাভান্বিত কৰিব। একে সময়তে ১০ শতাংশ লোকে ‘নাজানো’  বুলি উত্তৰ দিছিল।