• কংগ্ৰেছৰ 'Donation Campaign'ৰ এমাহ সম্পূৰ্ণ; ৩০ দিনত প্ৰায় ১৬ কোটি টকা সংগ্ৰহ

    ৰাজনৈতিক
    কংগ্ৰেছৰ 'Donation Campaign'ৰ এমাহ সম্পূৰ্ণ; ৩০ দিনত প্ৰায় ১৬ কোটি টকা সংগ্ৰহ
    ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ডনেশ্যন কেম্পইনিঙে এটা মাহ সম্পূৰ্ণ কৰে৷কংগ্ৰেছে বৃহস্পতিবাৰে কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ধন সংগ্ৰহৰ প্ৰচাৰৰ অংশ হিচাপে বিগত এমাহত দলটোৱে ১৬ কোটি টকা লাভ কৰিছে। কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় ​​মাকেনে কয় যে দলটোৱে ১৮ ডিচেম্বৰৰ পৰা অনলাইনযোগে অনুদান অভিযান আৰম্ভ কৰিছিল আৰু ৩১ দিনত দলটোৱে ১৬ কোটি টকা সংগ্ৰহ কৰিছে।

    কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ১৮ ডিচেম্বৰৰ পৰা ‘দেশৰ বাবে দান কৰক’ নামেৰে মানুহৰ পৰা অনুদান সংগ্ৰহৰ অভিযান আৰম্ভ কৰি প্ৰথম দিনাই দলটোক ১.৩৮ লাখ টকা আগবঢ়ায়। এই প্ৰচাৰৰ উদ্দেশ্য হৈছে এইবাৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ বাবে সম্পদ সংগ্ৰহ কৰা।

    ইউ পিৰ কথা ক’বলৈ গ’লে ১৯ জানুৱাৰীৰ পুৱা ৫.৪ বজালৈকে তথ্য অনুসৰি ইয়াৰ পৰা কংগ্ৰেছে লাভ কৰিছে ৭৫ লাখ ৮৮ হাজাৰ ৬৭৬ টকা। আনহাতে কংগ্ৰেছে উত্তৰাখণ্ডৰ পৰা ১২ লাখ ৩২ হাজাৰ ৪২২ টকা পাইছিল। যি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা এতিয়ালৈকে কংগ্ৰেছে অনুদান লাভ কৰিছে, তাৰ ভিতৰত ইউ পি সপ্তম স্থান আৰু উত্তৰাখণ্ড ২০ নম্বৰ স্থানত আছে।

    কংগ্ৰেছৰ ৱেবছাইট donateinc.net অনুসৰি শুকুৰবাৰে পুৱা ৫.৪ বজালৈকে কংগ্ৰেছে ১৫ কোটি ৪২ লাখ ৭০ হাজাৰ ৫৯৬ টকা লাভ কৰিছে। এই পৰ্যন্ত কংগ্ৰেছে লাভ কৰা মুঠ অনুদানৰ ভিতৰত ১২.৪ শতাংশ ইউ পি আৰু ১.২ শতাংশ উত্তৰাখণ্ডৰ।