scatter hitamscatter hitamslot thailandmpo slotslot thailandsv388
ৰমেশ-দানিশৰ বিতৰ্কই জোকাৰিছে দেশৰ ৰাজনীতি; লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ সাংসদ দানিশ আলীৰ Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • ৰমেশ-দানিশৰ বিতৰ্কই জোকাৰিছে দেশৰ ৰাজনীতি; লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ সাংসদ দানিশ আলীৰ

    ৰাজনৈতিক
    ৰমেশ-দানিশৰ বিতৰ্কই জোকাৰিছে দেশৰ ৰাজনীতি; লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ সাংসদ দানিশ আলীৰ
    ডিজিটেল ডেস্ক: লোকসভাত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কৰা অপমানৰ পাছত লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে বিএছপি সাংসদ দানিশ আলীয়ে৷ 

    ওম বিৰলালৈ লিখা পত্ৰখনত দানিশ আলীয়ে কয়, মই আপোনাক বিষয়টোৰ অনুসন্ধান আৰু প্ৰতিবেদনৰ বাবে লোকসভাত প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়ম ২২৭-ৰ অধীনত বিশেষাধিকাৰ সমিতিলৈ এই বিষয়টো প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ।

    সংসদৰ বিশেষ অধিৱেশনৰ সময়ত লোকসভাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ৰমেশ বিধুৰীৰ মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷

    বিজেপি সাংসদ ৰমেশ বিধুৰী কোন? যাৰ মন্তব্যই আনিলে ধুমুহা? কি কৈছিল ৰমেশ বিধুৰীয়ে ?

    বৃহস্পতিবাৰে সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে বিএছপি সাংসদ দানিশৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছিল। বিধুৰীয়ে আনকি দানিশক উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী বুলিও অভিহিত কৰিছিল। অৱশ্যে, বিতৰ্ক বৃদ্ধি হোৱাৰ পাছত বিধুৰীৰ মন্তব্য লোকসভাৰ কাৰ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হৈছিল। ৰমেশ বিধুৰী দক্ষিণ দিল্লীৰ বিজেপি সাংসদ। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো তেওঁক তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে সতৰ্ক কৰি দিছিল। আৰু লোকসভাত কৰা আপত্তিজনক মন্তব্যৰ পাছত বিৰোধী দলবোৰে বিধুৰীৰ মন্তব্যৰ আঁত ধৰি বিজেপিক তীব্ৰ সমালোচনা কৰিছে।