• দশম শ্ৰেণী উত্তীৰ্ণ দিল্লীৰ আটাইতকৈ ধনী বিধায়ক বিজেপিৰ কৰ্ণেল সিং

    ৰাজনৈতিক
    দশম শ্ৰেণী উত্তীৰ্ণ দিল্লীৰ আটাইতকৈ ধনী বিধায়ক বিজেপিৰ কৰ্ণেল সিং
    ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা ২০২৫ৰ ফলাফলত আম আদমী পাৰ্টিৰ শোচনীয় পৰাজয় হয়। সংখ্যাগৰিষ্ঠতা লাভ কৰি বিজেপিয়ে দিল্লীৰ ক্ষমতাৰ পৰা আম আদমী পাৰ্টিক উৎখাত কৰিছে। এই দিল্লীৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়া আৰু অৱধ ওঝাকে ধৰি বাঘা বাঘা নেতা পৰাস্ত হৈছে। কিন্তু আপুনি জানেনে দিল্লীৰ আটাইতকৈ ধনী বিধায়ক কোন?

    দিল্লীৰ আটাইতকৈ ধনী বিধায়ক কোন?

    দিল্লী বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলে মনোনয়নৰ সময়ত নিজৰ সম্পত্তিৰ কথা প্ৰকাশ কৰিছিল, সেই অনুসৰি বিজেপিৰ কৰ্ণেল সিং দিল্লীৰ আটাইতকৈ ধনী বিধায়ক। তেওঁৰ হাতত অপৰিসীম ধন আছে। আমেৰিকাত তেওঁৰ ৪টা অট্টালিকা আছে। ইয়াৰ উপৰিও তেওঁৰ লাখ লাখ টকাৰ গহনাও আছে। কৰ্ণেল সিঙৰ শিক্ষাগত অৰ্হতা মাথোঁ দশম শ্ৰেণী উত্তীৰ্ণ।

    কিমান ভোটত জয়ী হ’ল কৰ্ণেল সিং? 

    ১৮৮৬৩ টা ভোটত বিজেপিৰ কৰ্ণেল সিঙে জয়লাভ কৰিছে। তেওঁ আম আদমি পাৰ্টিৰ সত্যেন্দৰ জৈনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ শকুৰ বস্তি বিধানসভাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

    কৰ্ণেল সিঙৰ হাতত আছে অপৰিসীম ধন

    নিৰ্বাচনী শপতনামা অনুসৰি বিজেপি প্ৰাৰ্থী কৰ্ণেল সিঙৰ আছে ২৫৯.৬৭ কোটি টকাৰ সম্পত্তি। তেওঁৰ হাতত আছে নগদ ১.৩২ লাখ টকা। বেংক একাউণ্টত জমা আছে ২৭.৫৯ লাখ টকা। ২৫ লাখ টকাৰ জীৱন বীমা আছে। সোণ আৰু হীৰাকে ধৰি গহনাসমূহৰ মুঠ দাম ৩৮.৪৫ লাখ টকা। মুঠ স্থাৱৰ সম্পত্তি ৯২.৩৬ লাখ টকাৰ।

    ২৫৮ কোটি টকাৰ অস্থাৱৰ সম্পত্তি

    এইগৰাকী বিজেপি বিধায়কৰ হাতত আছে ২৫৮ কোটি টকাৰ অস্থাৱৰ সম্পত্তি। হাৰিয়ানাত ৬০ কোটি টকাৰ এটা ফাৰ্ম হাউচ আছে। ইয়াৰ বাহিৰেও তেওঁৰ শোণিতাত ৫৫ লাখ টকাৰ দোকান আছে। আমেৰিকাৰ ৱাশ্বিংটন আৰু কেলিফৰ্ণিয়াৰ পৰা হাৰিয়ানাৰ শোনিপাটলৈকে ১৯৮ কোটি টকাৰ ঘৰ আছে। আমেৰিকাত ৪টা ঘৰ আছে।

    sv388sv388sabung ayam onlinesv388sabung ayam onlinelive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88situs slot777slot gacor malam ini