ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাণসীত বিজেপিৰ দলিত বুথৰ সভানেত্ৰী সুজাতা কুমাৰীৰ বাসগৃহত দেওবাৰে ব্ৰেকফাষ্ট উপভোগ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। জয়শংকৰে সুজাতাই ঘৰতে ৰন্ধা সুস্বাদু ব্ৰেকফাষ্ট উপভোগ কৰা দেখা গৈছে৷সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’টোত জয়শংকৰে মজিয়াত বহি আন বিজেপি কৰ্মীসকলৰ সৈতে নিজৰ আহাৰ গ্ৰহণ কৰি থকা দেখা গৈছে। বুথ পৰ্যায়ৰ বিজেপি কৰ্মীগৰাকীৰ সন্মানত বিভিন্ন ধৰণৰ পৰম্পৰাগত ভাৰতীয় খাদ্য প্ৰস্তুত কৰা হয়৷
আনহাতে, এছ জয়শংকৰে তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আপ্লুত হৈ পৰিল সুজাতা। আগদিনাৰ পৰাই তেওঁ প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু ঘৰ চাফা কৰাৰ কামত গোটেই পৰিয়ালটো জড়িত হৈ পৰা পৰিলক্ষিত হৈছিল৷
১১-১৩ জুনত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকৰ নেতৃত্ব দিবলৈ শনিবাৰে বাৰাণসীত উপস্থিত হয় জয়শংকৰে। আহি পোৱাৰ লগে লগে কাশী অঞ্চলৰ বিজেপিৰ মুখপাত্ৰ নৱৰতন ৰাথীৰ লগতে দলৰ জ্যেষ্ঠ নেতা আৰু জিলা প্ৰশাসনৰ বিষয়াসকলেও তেওঁক উষ্ম আদৰণি জনায়।দলিত বুথৰ সভাপতিৰ বাসগৃহত ব্ৰেকফাষ্টৰ পিছত জয়শংকৰে কাশী অঞ্চলত বিজেপিয়ে আয়োজন কৰা আলোচনা চক্ৰত অংশগ্ৰহণ কৰে৷
Leave A Comment