• অনুপস্থিত সাংসদক ভুলবশতঃ লোকসভাৰ পৰা নিলম্বন; আহিল চৰকাৰী স্পষ্টীকৰণ

    ৰাজনৈতিক
    অনুপস্থিত সাংসদক ভুলবশতঃ লোকসভাৰ পৰা  নিলম্বন; আহিল চৰকাৰী স্পষ্টীকৰণ
    ডিজিটেল ডেস্কঃ সংসদৰ ভিতৰত সংঘটিত হ’ল এক আজৱ কাণ্ড৷সদনৰ কাম-কাজত ব্যাঘাত জন্মোৱাৰ বাবে বৃহস্পতিবাৰে শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে লোকসভাৰ পৰা নিলম্বিত হোৱা ১৪জন বিৰোধী সাংসদৰ ভিতৰত ডি এম কে নেতা এছ আৰ পাৰ্থিবনৰ নামো আছিল। পাছত চৰকাৰে স্পষ্ট কৰি দিয়ে যে পাৰ্থিবনৰ অন্তৰ্ভুক্তি ভুলবশতঃহে হৈছিল। মুঠতে ১৩ গৰাকী বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বন কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰে।

    ডি এম কেৰ সাংসদসকলে ইয়াৰ পূৰ্বে অভিযোগ কৰিছিল যে নিলম্বিত সাংসদসকলৰ ভিতৰত নাম উল্লেখ কৰা এছ আৰ পাৰ্থিবন সদনতো নাছিল (তেওঁ চেন্নাইত আছে)।পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে এজন সাংসদৰ নাম অন্তৰ্ভুক্ত কৰাটো ভুলতে সংঘটিত হ’ল। ভুলকৈ জড়িত সাংসদজনৰ নাম আঁতৰাবলৈ অধ্যক্ষক অনুৰোধ জনোৱাৰ লগতে অধ্যক্ষই সেই অনুৰোধ মানি লোৱা বুলিও কয়।

    সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত চৰকাৰৰ পৰা বিবৃতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে লোকসভাত বিৰোধী দলৰ সদস্যসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

    মুঠতে চৈধ্যজন বিৰোধী সাংসদ, লোকসভাৰ ১৩জন আৰু ৰাজ্যসভাৰ এজন সাংসদক সংসদত "অশান্তিপূৰ্ণ" আচৰণৰ বাবে নিলম্বন কৰা হৈছে। নিলম্বিত সাংসদসকলৰ ভিতৰত কংগ্ৰেছৰ ৯জন, চিপিএমৰ ২জন, ডিএমকেৰ এজন আৰু চিপিআইৰ এজন সাংসদ আছে।