ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক আৰু বিতৰ্কিত ভাষণৰ বাবে পৰিচিত বিজেপি নেতা গিৰিৰাজ সিঙে পুনৰ আন এক মন্তব্য প্ৰদান কৰিছে৷এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অৱেইছিৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষ্য প্ৰদান কৰি নাথুৰাম গডছেক ভাৰতৰ সুপুত্ৰ বুলি অভিহিত কৰে। গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজৰ মন্ত্ৰীৰ দায়িত্বত থকা গিৰিৰাজ সিঙে কয় যে যদি গডছে গান্ধীৰ হত্যাকাৰী হয় তেন্তে তেওঁ জাতিৰ পুত্ৰও হয়৷
ঔৰংজেৱ আৰু টিপু চুলতানক সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা পোষ্টক লৈ ৰাজনৈতিক মতভেদৰ সৃষ্টি হোৱাৰ সময়তে তেওঁৰ এই মন্তব্য প্ৰকাশ কৰিছে।তেওঁ কয় যে গ’ডছে যদি গান্ধীৰ হত্যাকাৰী হয়, তেন্তে তেওঁ জাতিৰ পুত্ৰও। তেওঁৰ জন্ম ভাৰতত, আৰু তেওঁ ঔৰংজেব আৰু বাবৰৰ দৰে আক্ৰমণকাৰী নাছিল।
হায়দৰাবাদৰ সাংসদ অৱেইছিয়ে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ “ঔৰংজেব কি আউলাদেইন” সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে গিৰিৰাজ সিঙৰ এই মন্তব্য প্ৰকাশ পায়।
অৱেইছিক প্ৰত্যুত্তৰ দি গিৰিৰাজ সিঙে নাথুৰাম গডছেক ভাৰতৰ ‘সপুত্ৰ’ বুলি অভিহিত কৰি কয় যে যিসকলে নিজকে বাবৰ আৰু ঔৰংজেৱৰ সন্তান বুলি ক’বলৈ পাই সুখী অনুভৱ কৰে, আৰু সেইসকল লোক কেতিয়াও ভাৰত মাতৃৰ প্ৰকৃত পুত্ৰ হ’ব নোৱাৰে।
Leave A Comment