scatter hitamscatter hitamslot thailandmpo slotslot thailandsv388
গোদী মিডিয়াৰ পক্ষপাতদুষ্ট ব্যৱহাৰ! ক’ত ৰাহুল,গৌৰৱ আৰু শশী? Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • গোদী মিডিয়াৰ পক্ষপাতদুষ্ট ব্যৱহাৰ! ক’ত ৰাহুল,গৌৰৱ আৰু শশী?

    ৰাজনৈতিক
    গোদী মিডিয়াৰ পক্ষপাতদুষ্ট ব্যৱহাৰ!  ক’ত ৰাহুল,গৌৰৱ আৰু শশী?
    ডিজিটেল ডেস্কঃ সন্নিকট ২০২৪ৰ লোকসভা নিৰ্বাচন৷লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ইতিমধ্যে শাসক-বিৰোধী উভয় পক্ষই নিৰ্বাচনী যুজঁৰ ৰণকৌশল প্ৰস্তুত কৰি তুলিছে৷বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চ I.N.D.I.A গঠন কৰা হৈছে৷

    কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতা শাৰদ পাৱাৰৰ বাসগৃহত ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷য’ত আগন্তুক লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়৷

    পৰিবৰ্তিত ৰূপত ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপট৷বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷বিশেষকৈ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ পাছত  ৰাহুল গান্ধীৰ জনপ্ৰিয়তা দেশত বৃদ্ধি পাইছে৷ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱৰ পাছতে দেশে কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় প্ৰত্যক্ষ কৰিছে৷ইতিমধ্যে সামাজিক মাধ্যমত 'মোদী উপাধি' গোচৰত  ৰাহুল গান্ধীৰ নাম সাঙোৰ খোৱাৰ পাছত জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে ৷






    ৰাহুল গান্ধীৰ বাহিৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উদ্ভাসিত হৈ উঠা আন এজন নেতা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ৷ সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময়চোৱাত  প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ ঘটনাৰ ক্ষেত্ৰত মৌনতাৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰে গগৈয়ে৷সংসদৰ সেই অধিৱেশনৰ সময়তে চৰকাৰৰ বিৰুদ্ধে গগৈ সৰব হৈ পৰে৷সংসদৰ সেই মজিয়াতে গৌৰৱ গগৈয়ে চৰকাৰৰ  বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো উত্থাপন কৰে৷

    ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিগত দুই দশক প্ৰাসংগিক হৈ থকা আন এজন সাংসদ হ’ল শশী থাৰুৰ৷থাৰুৰ কেৰালাৰ থিৰুৱনন্তপুৰম লোকসভা সমষ্টিৰ সাংসদ৷থাৰুৰৰ কথনশৈলী আৰু বাকপটুতাই ইতিমধ্যে বহুতক নিশ্চুপ কৰি থৈছে৷কিন্তু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ নেতাসকলৰ গোদী মিডিয়াত সাক্ষাৎকাৰ পৰিমাণ বৃদ্ধি পাইছে৷তদুপৰি ভাৰতৰ আগশাৰীৰ ইউটিউবাৰ সকলৰ সৈতে বিজেপিৰ প্ৰায়সকল নেতাক বাৰ্তালাপ কৰা দেখা যায়৷কিন্তু দুই এক চেনেল অথবা ইউটিউবাৰৰ বাহিৰে ৰাহুল গান্ধী অথবা গৌৰৱ গগৈক দেখা পোৱা হোৱা নাই৷যাৰ দ্বাৰা গোদী মিডিয়াৰ পক্ষপাতদুষ্ট ব্যৱহাৰ এতিয়া সুস্পষ্ট হৈ পৰিছে৷