• স্বাস্থ্যৰ বাবে ডাঙৰ সম্পদ ৰঙা এলোভেৰা, পিৰিয়ডছৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈকে সকলো চিকিৎসাৰ ইয়াত আছে সমাধান

    ৰাজনৈতিক
    স্বাস্থ্যৰ বাবে ডাঙৰ সম্পদ ৰঙা এলোভেৰা, পিৰিয়ডছৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈকে সকলো চিকিৎসাৰ ইয়াত আছে সমাধান

    ডিজিটেল ডেস্ক : এলোভেৰা এনেকুৱা
    এবিধ উদ্ভিদ, যি বহু গুণেৰে সমৃদ্ধ। পিৰিয়ডৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈকে স্বাস্থ্যজনিত
    বহুতো সমস্যাৰ পৰা আৰম্ভ কৰি ছালৰ লগত জড়িত অভিযোগলৈকে, ইয়াৰ আছে বহু উপকাৰিতা। সেউজীয়া
    এলোভেৰাৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে যে ৰঙা এলোভেৰাও আছে, ইয়াক
    আফ্ৰিকাত পোৱা যায় যদিও ভাৰতৰ গৰম আৰু শুকান অঞ্চলতো ইয়াৰ খেতি কৰা হয়।



     ৰঙা এলোভেৰাত কি কি পুষ্টিকৰ উপাদান
    থাকে-



    ৰঙা এলোভেৰা যিমান বিৰল সিমানেই
    উপকাৰী। সেউজীয়া এলোভেৰাতকৈ ইয়াক অধিক উপযোগী বুলি গণ্য কৰা হয়। ৰঙা এলোভেৰাৰ উপকাৰিতাৰ
    কথা ক’বলৈ গ’লে ইয়াত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-বি১২ আৰু ফলিক এচিডৰ
    দৰে এন্টিঅক্সিডেন্ট পোৱা যায়।



     স্বাস্থ্যৰ বাবে ই কিমান উপকাৰী?



    * এক গৱেষণাৰ মতে ৰঙা এলোভেৰাৰ
    ৰস খালে ছুগাৰত উন্নতি হয়, ইয়াত ইমোডিন পোৱা যায়, যিয়ে গ্লুক’জ হ্ৰাস কৰাত সহায়
    কৰে। লগতে ইনচুলিন বৃদ্ধি কৰে, ইয়াৰ বাবে আপুনি ৰঙা এলোভেৰাৰ পাত ৰস বনাই সেৱন কৰিব
    পাৰে।



     * ৰঙা এলোভেৰাৰ ৰস খালে ৰক্তচাপ
    নিয়ন্ত্ৰণত থাকে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও কমি যায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও
    শক্তিশালী হয়।



     * ছালৰ বাবেও ই এক আশীৰ্বাদ। এনে
    পুষ্টিকৰ উপাদান ৰঙা এলোভেৰাত পোৱা যায়, যাৰ বাবে ই বাৰ্ধক্য ৰোধ কৰে আৰু ছালখনক সজীৱ
    কৰি তোলে। ব্ৰণৰ পৰা সকাহ পোৱাত ই সহায়ক, ইয়াৰ ব্যৱহাৰৰ দ্বাৰা উফিৰ সমস্যাও সমাধান
    কৰিব পাৰি।



     * এলোভেৰাক প্ৰাকৃতিক বিষনাশক হিচাপে
    গণ্য কৰা হয়। ই পেশীক শিথিল কৰে। মূৰৰ বিষ আৰু মাইগ্ৰেইনতো ৰঙা এলোভেৰা উপযোগী বুলি
    গণ্য কৰা হয়।



     * মহিলাসকলৰ অনিয়মিত মাহেকীয়াৰ
    সমস্যাৰ বাবে ৰঙা এলোভেৰাৰ ৰস খোৱাটো অতি উপকাৰী। ইয়াৰ ফলত মাহেকীয়াৰ সময়ত হোৱা
    বিষৰ পৰাও উপশম পোৱা যায়।