• ৪ জন সাংবাদিকৰ বিৰুদ্ধে হেমন্ত ছোৰেনৰ গোচৰ; আৰক্ষীয়ে জেৰা কৰিব আজ টক,জি নিউজৰ সাংবাদিকক

    ৰাজনৈতিক
    ৪ জন সাংবাদিকৰ বিৰুদ্ধে হেমন্ত ছোৰেনৰ গোচৰ;  আৰক্ষীয়ে জেৰা কৰিব আজ টক,জি নিউজৰ সাংবাদিকক
    ডিজিটেল ডেস্কঃ দিল্লীস্থিত চাৰিটা নিউজ চেনেলৰ চাৰিজন সাংবাদিকলৈ চমন প্ৰেৰণ কৰিছে ঝাৰখণ্ড আৰক্ষীয়ে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ইডিৰ বিষয়াৰ বিৰুদ্ধে দিয়া অভিযোগ সন্দৰ্ভত এই চমন প্ৰেৰণ কৰিছে।

    দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি এই গোচৰটো অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি অত্যাচাৰ প্ৰতিৰোধ আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ছোৰেনৰ দ্বাৰা অভিযোগত উল্লেখ কৰা হৈছিল যে ইডিয়ে ২৯ জানুৱাৰীত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ঘৰত অভিযান চলাইছিল৷ য’ত একাংশ সংবাদ মাধ্যমে ছোৰেন আৰু তেওঁৰ সমাজৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ তথা ছোৰেনক বদনাম কৰিবলৈ ইডিয়ে সংবাদ মাধ্যমক তদন্তৰ তথ্য দিছিল।

    প্ৰতিবেদন অনুসৰি ৰাঁচীৰ এছ এছ পি চন্দন কুমাৰ সিন্‌হাই কয় যে ছোৰেনে চাৰিটা নিউজ চেনেল -- নিউজ ১৮, আজ টক, নিউজ ২৪ আৰু জি নিউজৰ চাৰিজন সাংবাদিকলৈ জেৰাৰ বাবে চমন প্ৰেৰণ কৰিছিল। অৱশ্যে চাৰিওজন সাংবাদিকেই ঝাৰখণ্ডলৈ যাবলৈ অস্বীকাৰ কৰে। ইয়াৰ পাছত ঝাৰখণ্ড আৰক্ষীয়ে দিল্লীলৈ গৈ সাংবাদিক কেইজনক জেৰা কৰিব।

    জানিব পৰা মতে, এজাহাৰত হেমন্ত ছোৰেনে ইডিৰ অতিৰিক্ত সঞ্চালক কপিল ৰাজ, সহকাৰী সঞ্চালক দেৱব্ৰত ঝা, অনুমান কুমাৰ, অমন পেটেল আদি বিষয়াৰ নাম উল্লেখ কৰিছে। ইয়াৰ পাছত এই এফআইআৰৰ বিৰুদ্ধে এই বিষয়াসকলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

    উল্লেখ্য যে ৩১ জানুৱাৰীত ইডিয়ে ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল ছোৰেনে।