• সাজু হৈছে I.N.D.I.A. ; ১৯ ডিচেম্বৰত বৈঠক, হ’ব আসনক লৈ আলোচনা

    ৰাজনৈতিক
    সাজু হৈছে I.N.D.I.A. ; ১৯ ডিচেম্বৰত বৈঠক, হ’ব আসনক লৈ আলোচনা
    ডিজিটেল ডেস্ক: সংঘাত নিৰাময় হৈছে অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ৷ পুনৰ বিজেপিৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’৷ 

    বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে চলিত মাহতে পুনৰ বৈঠকত মিলিত হ’বলৈ সাজু হৈছে আৰু পৰৱৰ্তী বৈঠকতে আগন্তুক নিৰ্বাচনৰ বাবে আসনৰ ভাগ-বটোৱাৰা সম্পৰ্কেও বিস্তৃতৰূপত আলোচনা কৰা হ’ব জানিব পৰা গৈছে৷ 

    নেতাসকলৰ উপলব্ধতা সাপেক্ষে ১৯ ডিচেম্বৰত দিল্লীত বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷
    তিনিখন হাৰ্টলেণ্ড ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পাছত আসনৰ ভাগ-বটোৱাৰা কংগ্ৰেছৰ বাবে এক কঠিন পৰীক্ষা হ’ব বুলি ধাৰণা কৰা হৈছে। কংগ্ৰেছে ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ হাতত হেৰুৱাইছিল৷ আনহাতে, মধ্য প্ৰদেশত ক্ষমতালৈ ঘূৰি আহিবলৈ ব্যৰ্থ হৈছিল।

    কংগ্ৰেছেও সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে মতভেদ সমাধান কৰিছে৷ পাঁচখন ৰাজ্যৰ শেহতীয়া নিৰ্বাচনৰ পাছত এনেধৰণৰ প্ৰথমখন বৈঠকত তেওঁ উপস্থিত থাকিব বুলি আশা কৰা হৈছে৷ যোৱা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়াৰ নেতাসকলৰ পূৰ্বৰ এখন বৈঠক পিছুৱাই দিয়া হৈছিল, যেতিয়া অখিলেশ যাদৱ, নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীকে ধৰি বহুনেতাই সেই বৈঠকত উপস্থিত নথকাটো পূৰ্বানুমান কৰা হৈছিল৷