• যন্তৰ-মন্তৰত বিৰোধী মৰ্চা ইণ্ডিয়াৰ প্ৰতিবাদ: ‘ছেভ ডেম’ক্ৰেছি প্ৰ’টেষ্ট’ত উত্তাল যন্তৰ-মন্তৰ

    ৰাজনৈতিক
    যন্তৰ-মন্তৰত বিৰোধী মৰ্চা ইণ্ডিয়াৰ প্ৰতিবাদ: ‘ছেভ ডেম’ক্ৰেছি প্ৰ’টেষ্ট’ত উত্তাল যন্তৰ-মন্তৰ
    ডিজিটেল ডেস্ক: শুকুৰবাৰে দিল্লীৰ যন্তৰ–মন্তৰৰ পৰাই বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই কাৰ্যত: লোকসভা নিৰ্বাচনৰ ৰণডংকা বজালে৷ সংসদৰ পৰা বিৰোধী সাংসদক নিলম্বনৰ বাবে ‘ইণ্ডিয়া’ই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। 

    সংসদৰ শীতকালীন অধিৱেশনৰ সময়ছোৱাত ১৪৬গৰাকী বিৰোধী সাংসদক নিলম্বনৰ প্ৰতিবাদত যন্তৰ–মন্তৰ প্ৰাংগণ উত্তাল কৰিলে বিৰোধী মৰ্চাৰ নেতা–কৰ্মীয়ে। ছেভ ডেম’ক্ৰেছি প্ৰ’টেষ্ট নামেৰে আজিৰ প্ৰতিবাদক নামকৰণ বিৰোধী মৰ্চাৰ। য’ত একত্ৰিত হৈছিল কংগ্ৰেছৰ লগতে DMK, সমাজবাদী পাৰ্টী, TMC, RJD প্ৰমুখ্যে ইণ্ডিয়া মৰ্চাৰ বহু সহযোগী দল।

    দৰাচলতে সংসদত শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছিল মুঠ ১৪৬গৰাকী বিৰোধী সাংসদক। যাৰ ভিতৰত আছিল সৰ্বাধিক ৬১গৰাকী কংগ্ৰেছী সাংসদ। ১৪ৰ পৰা ২১ ডিচেম্বৰৰ ভিতৰত নিলম্বিত কৰা হৈছিল ১৪৬ গৰাকী সাংসদক। 

    আনহাতে, ১৮ ডিচেম্বৰত এটা দিনতে ৭৮ গৰাকী বিৰোধী সাংসদক লোকসভা আৰু ৰাজ্যসভাৰ পৰা নিলম্বনৰ কাণ্ড পৰিগণিত হ’ল স্বাধীনতাৰ পাছত এক নজিৰবিহীন ঘটনা হিচাপে। সংসদত ১৩ ডিচেম্বৰত নিৰাপত্তাবেহু ভেদ কৰি দুই দুৰ্বৃত্তৰ প্ৰৱেশৰ ঘটনাৰ পাছতে বিৰোধীয়ে উত্তাল কৰিছিল দুই সদন। যাৰ পাছতে এনেদৰে নিলম্বিত হ’ল ১৪৬গৰাকী বিৰোধী সাংসদ। আজি যন্তৰ–মন্তৰত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী নেতাসকলে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।