• 'ভাৰতৰ অৰ্থনীতিৰ শ্ৰীবৃদ্ধি হৈছে সঁচা কিন্তু কিছুসংখ্যকৰ হাততে অৰ্থ কেন্দ্ৰীভূত হৈ পৰিছে' -হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় শিক্ষাৰ্থীৰ সন্মুখত ৰাহুল গান্ধী

    ৰাজনৈতিক
    'ভাৰতৰ অৰ্থনীতিৰ শ্ৰীবৃদ্ধি হৈছে সঁচা কিন্তু কিছুসংখ্যকৰ হাততে অৰ্থ কেন্দ্ৰীভূত হৈ পৰিছে' -হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় শিক্ষাৰ্থীৰ সন্মুখত ৰাহুল গান্ধী
    ডিজিটেল ডেস্কঃ দেশৰ অৰ্থব্যৱস্থাক লৈ ৰাহুল গান্ধীৰ এক বৃহৎ মন্তব্য৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাৰ কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা আলোচনাত কয় যে ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে, কিন্তু ধন-সম্পত্তি কেইজনমানৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে আৰু নিবনুৱা সমস্যা এতিয়াও দেশত আছে।

    যোৱা শনিবাৰে (২৩ ডিচেম্বৰ) ৰাহুলে ১৫ ডিচেম্বৰত সংঘটিত হোৱা আলোচনাৰ এটা ভিডিঅ’ Comes from being kind to yourself নামৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

    ‘দ্য হিন্দু’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শিক্ষাৰ্থীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত যোৱা ১০ বছৰৰ অৰ্থনৈতিক বিকাশৰ বিষয়ে ৰাহুল গান্ধীয়ে কয়, ‘অৰ্থনৈতিক উন্নয়নৰ কথা কওঁতে এই প্ৰশ্নটো সুধিব লাগিব যে অৰ্থনৈতিক উন্নয়ন কাৰ স্বাৰ্থত।সুধিবলগীয়া প্ৰশ্নটো হ’ল সেই উন্নয়নৰ স্বৰূপ কি আৰু ইয়াৰ দ্বাৰা কোন লাভৱান হৈছে। ভাৰতত উন্নয়নৰ পৰিসংখ্যাৰ ঠিক কাষতে নিবনুৱাৰ পৰিসংখ্যা। গতিকে ভাৰত আৰ্থিক শ্ৰী বৃদ্ধি হৈছে, কিন্তু যিদৰে বৃদ্ধি পাইছে,সেইদৰে বৃহৎ পৰিসৰত ধন-সম্পত্তি অতি কম সংখ্যক লোকৰ মাজত কেন্দ্ৰীভূত কৰিছে।

    গান্ধীয়ে লগতে কয়, ‘আমি ঋণ মডেলৰ ওপৰত কাম কৰি আছোঁ আৰু আমি এতিয়া উৎপাদন কৰা নাই। ভাৰতৰ প্ৰকৃত প্ৰত্যাহ্বানটো হ’ল আমি কেনেকৈ এনে এখন উৎপাদনশীল অৰ্থনীতি প্ৰতিষ্ঠা কৰিম, যিখনে বৃহৎ সংখ্যক লোকক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ সক্ষম।'

    ৰাহুল গান্ধীয়ে আৰু কয়, ‘বিত্তৰ সুবিধা লাভৰ বাবে নিৰপেক্ষ সংবাদ মাধ্যম, নিৰপেক্ষ আইনী ব্যৱস্থা, নিৰপেক্ষ নিৰ্বাচন আয়োগ, নিৰপেক্ষ প্ৰতিষ্ঠানৰ প্ৰয়োজন। এনে এখন আমেৰিকা কল্পনা কৰক, য’ত আই আৰ এছ (আমেৰিকান টেক্স এজেন্সী) আৰু এফ বি আই (ইনভেষ্টিগেচন এজেন্সী)ৰ কাম হ’ল বিৰোধীক নিৰ্মূল কৰা। গতিকে এইটোৱেই হৈছে আমি যিটো পেৰাডাইমত বাস কৰি আছোঁ।’