ডিজিটেল ডেস্ক: ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ তুংগত বিজেপিৰ৷ ১০ নৱেম্বৰত ৰাঁচীৰ ৰাটু ৰোডত বিজেপি প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে ৰোড শ্ব’ অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৰোড শ্ব’ৰ পূৰ্বে ৰাঁচীৰ ৰাটু ৰোডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঐতিহাসিক আদৰণি জনোৱা হ’ব আৰু প্ৰধানমন্ত্ৰীক ৫০১ গৰাকী ব্ৰাহ্মণে শংখ ধ্বনীৰে আশীৰ্বাদ দিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী সঞ্জয় ছেথে সদৰি কৰিছে৷
২০২৪ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচন পূৰ্বে দেওবাৰে ৰাঁচীত প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠিত কৰিব এক গ্ৰেণ্ড ৰোড শ্ব’। বিয়লি ৪ বজাৰ পৰা অ'টিচি খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্ব'ত ৰাঁচীৰ আশে-পাশে থকা অঞ্চলৰ পৰা ২০ হাজাৰৰো অধিক বাইক আৰোহীয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনাই ৰাঁচীলৈ আহিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰম্পৰাগত ছৌ নৃত্যৰ জৰিয়তে আদৰণি জনাব শিল্পীসকলে। ৫০১গৰাকী ব্ৰাহ্মণে শংখ ধ্বনীৰে আশীৰ্বাদ প্ৰাদান কৰিব। বিভিন্ন স্থানত, বিভিন্ন মঞ্চৰ পৰা প্ৰধানমন্ত্ৰীক পৰম্পৰাগত ৰীতিৰে আদৰণি জনোৱা হ’ব বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীক অভূতপূৰ্ব আদৰণি জনাবলৈ সাজু শিখ সম্প্ৰদায়ৰ লোক সকলো। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাঁচীবাসীয়ে এক উষ্ম আদৰণি জনাইছিল। আকৌ এবাৰ ৰাঁচীবাসী আৰু বিজেপি কৰ্মী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ উচ্ছ্বসিত হৈ পৰা পৰিলক্ষিত হৈছে।
Leave A Comment