ডিজিটেল ডেস্ক: বিজেপি সাংসদ কংগনা ৰানাৱটে কৃষক বিদ্ৰোহক লৈ কৰা বক্তব্যই ক্ষুব্ধ কৰি তুলিছে কৃষক সমাজক। অপমানিত কৃষক সমাজে কংগনা ৰানাৱটৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা। কৃষক সমাজে আইনী জাননী জাৰি কৰি বহুবল্কী বিজেপি সাংসদ গৰাকীক কৃষক সকলৰ ওচৰত ক্ষমা খুজিবলৈ সাত দিনৰ সময় প্ৰদান কৰিছে।
কথাতে কটা যায় কথাতে বঁটা পাই আপ্ত বাক্যটোৱে সাৰ্থকতা লাভ কৰিছে কংগনা ৰানাৱটৰ ক্ষেত্ৰত।প্ৰপ্ত তথ্য অনুসৰি বিতৰ্কিত বক্তব্যৰ বাবে সততেই চৰ্চিত বিজেপি সাংসদ কংগনা ৰানাৱটে শেহতীয়া কৈ কৃষক আন্দোলনক লৈ কৰা অপমান সূচক মন্তব্যৰ বাবে মানহানিৰ জাননী প্ৰেৰণ কৰিছে কিষাণ সংঘৰ্ষ সমিতিৰ নেতা অধিবক্তা বিশ্বজিত ৰতৌনিয়াই। জাননীৰ জড়িয়তে সাত দিনৰ ভিতৰত ক্ষমা নুখুজিলে কংগনা ৰানাৱটৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে কৃষক সমাজে।
উল্লেখযোগ্য যে বিজেপিৰ সাংসদ গৰাকীৰ এনে বিতৰ্কিত বক্তব্যৰ বাবে বিজেপি দলেও গৰিহণা দিছে কংগনা ৰানাৱটক। বিজেপি দলে কংগনা ৰানাৱটৰ দলৰ হৈ মন্তব্য দিয়াৰ কোনা কৰ্তৃত্ব নাই বুলি সদৰি কৰাৰ লগতে কয় যে কংগনাৰ মন্তব্য দলীয় মতামত নহয় সেয়া সম্পূৰ্ণ ৰূপে সাংসদ গৰাকীৰ ব্যক্তিগত মন্তব্য।
বিজেপি সাংসদ গৰকীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচলা কৰি কয় যে কৃষকক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ মোডী চৰকাৰৰ ভুৱা তথ্য প্ৰচাৰকাৰী গোটে অহৰহ কৃষকক অপমানিত কৰাতে ব্যস্ত হৈ আছে।লগতে, বিজেপিৰ সাংসদগৰাকীয়ে ৭০০ সতীৰ্থক বলিদান দিয়া কৃষকসকলক ধৰ্ষণকাৰী আৰু বিদেশীৰ প্ৰতিনিধি বুলি কৰা মন্তব্যই বিজেপিৰ কৃষক বিৰোধী নীতি আৰু উদ্দেশ্যৰে প্ৰতিফলন বুলি দাবী কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
Leave A Comment