• দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল হুছেইন! হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী শৰ্মাৰ

    ৰাজনৈতিক
    দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল হুছেইন! হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী শৰ্মাৰ
    ডিজিটেল ডেস্কঃ বহু প্ৰত্যাশাৰ অন্তত মঙলবাৰে ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফলত অভিলেখ গঢ়িলে অসমৰ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক ৰাষ্ট্ৰীয় মহলতো চৰ্চা আৰম্ভ হৈছে।

    ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট। সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰি অভিলেখ গঢ়িলে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে।    
    উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টি AIUDFৰ বদৰুদ্দিন আজমলৰ  দূৰ্গৰূপে পৰিচিত। তাৰপাছতো ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক শোচনীয়ভাৱে পৰাস্ত কৰাক লৈ  ৰাষ্ট্ৰীয় মহলতো বিশেষভাৱে চৰ্চা আৰম্ভ হৈছে।

    ৰকিবুল হুছেইনৰ ধুবুৰীত এই বিজয়ে AIUDFৰ ভৱিষ্যতক সংকটৰ গৰাহলৈ ঠেলি দিছে। কাৰণ গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আদি সমষ্টিত AIUDFৰ বিধায়ক থকাৰ পাছতো  ৰকিবুল হুছেইনে ৭০% ওপৰত ভোট লাভৰ তথ্যই চিন্তিত কৰি তুলিছে AIUDF শিবিৰক। AIUDFৰ এই পতনে ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে।

    ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত ভাৰতৰ ভিতৰতে প্ৰথম স্থানত থকাক লৈ বৰ্তমান চৌদিশে চৰ্চিত হৈছে। এই তালিকাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ ব্যৱধানেৰে দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে।

    এই ফলাফলৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “আজিৰ দিনটোৰ নায়ক ৰকিবুল হুছেইন। গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনৰ কথা আলোচনা কৰক।”