• জাতি ধৰ্মৰ উৰ্ধত আমি সকলোকে সহায় কৰিছো... অৱসৰ ঘোষণা কৰি কন্যাক জয়ী কৰিবলৈ আহ্বন একনাথ খাদছেৰ

    ৰাজনৈতিক
    জাতি ধৰ্মৰ উৰ্ধত আমি সকলোকে সহায় কৰিছো... অৱসৰ ঘোষণা কৰি কন্যাক জয়ী কৰিবলৈ আহ্বন একনাথ খাদছেৰ
    ডিজিটেল ডেস্ক: একালৰ বিজেপিৰ নেতা তথা বৰ্তমানৰ এন চি পি শৰদ পাৱাৰ ফৈদৰ নেতা একনাথ খাদছে মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতে সোমবাৰে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এন চি পিৰ নেতা গৰাকীয়ে। প্ৰায় চাৰি দশক ধৰি জলগাঁও জিলাৰ লগতে, মহাৰাষ্ট্ৰৰ ৰাজনীতিতো  আধিপত্য বিস্তাৰ কৰা খাদছে তেওঁৰ কণ্যা এন চি পিৰ প্রার্থী ৰোহিনী খাদছেক জয়ী কৰাবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে। 

    কন্যা ৰোহিনী খাদছে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত একনাথ খাদছে কয় যে ‘২০ নৱেম্বৰত বিধানসভা নিৰ্বাচন। এই নির্বাচনত এন চি পিৰ প্রার্থী ৰোহিনী খাদছে৷ মই আৰু প্ৰতিদ্বন্দ্বিতা নকৰো।’ আপোনালোকৰ লগত বহু বছৰ ধৰি আছো। সকলোৱে বছৰ বছৰ ধৰি সমৰ্থন কৰি আহিছে। জাতি ধৰ্মৰ ওপৰত উঠি আমি সকলোকে সহায় কৰিছো বুলি উল্লেখ কৰিছে৷ লগতে তেওঁ কয় যে স্বাস্থ্যজনিত কাৰণত পৰৱৰ্তী নিৰ্বাচন দেখিবলৈ নাপবও পাৰো বুলি আৱেগিক হৈ  তেওঁক যিদৰে সমৰ্থন কৰিছে, ৰোহিনী খাদছেকো সমৰ্থন জনাই নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে৷

    উল্লেখনায় যে বিজেপি নেতা গোপীনাথ মুণ্ডেৰ সৈতে একনাথ খাদছে এটা সময়ত বিজেপিৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।কোথাৰি গাঁৱৰ সৰ্পঞ্চ হিচাপে ১৯৮৭ চনত একনাথ খাদছেই ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পাছত তেওঁ ৰাজনৈতিক জীৱনত কেতিয়াও পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই। তেওঁ বিধায়ক, বিৰোধী দলৰ নেতা হোৱাৰ উপৰিও ১২টা বিভাগৰ মন্ত্ৰী পদতো অধিষ্ঠিত হৈছিল। 

    এটা সময়ত মুখ্যমন্ত্ৰী পদৰ দৌৰত তেওঁৰ নাম উল্লেখ কৰা হৈছিল কিন্তু দেৱেন্দ্ৰ ফাদনৱীৰ সৈতে মতানৈক্যৰ পিছত বিজেপিত একনাথ খাদছেৰ মৰ্যাদা হ্ৰাস পাবলৈ ধৰিলে আৰু তেওঁৰ  ২০২০ চনত বিজেপি ত্যাগ কৰি এনচিপিত যোগদান কৰে।