comScore
  • শুভ জন্মদিনঃ ৫টা বিশেষ কাৰণত মনমোহন সিঙৰ প্ৰতি আজীৱন কৃতজ্ঞ হৈ থাকিব দেশবাসী

    ৰাজনৈতিক
    শুভ জন্মদিনঃ ৫টা বিশেষ কাৰণত মনমোহন সিঙৰ প্ৰতি আজীৱন কৃতজ্ঞ হৈ থাকিব দেশবাসী
    ডিজিটেল ডেস্কঃ আজি ২৬ ছেপ্টেম্বৰ৷ ভাৰতৰ প্ৰাক্তন তথা ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ আজি জন্মদিন। সুদক্ষ অৰ্থনীতিবিদ হিচাপেও মনমোহন সিং জগত বিখ্যাত৷ বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আজি ৯০সংখ্যক ওপজা দিন৷ 

    মনমোহন সিঙৰ জন্ম হৈছিল জন্ম ১৯৩২ চনৰ ২৬ চেপ্তেম্বৰত গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাৱত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতৰ ভাৰতৰ অমৃতসৰলৈ আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে। অধ্যয়নৰ প্ৰতি থকা একান্ত ইচ্ছা আৰু অধ্যৱসায়ৰ বাবেই মনমোহন সিঙে ইংলেণ্ডৰ অক্সফ’ৰ্ড ইউনিভাৰ্চিটীৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে৷ 

    তাৰপাছত তেওঁ প্ৰফেচৰ, মুখ্য অৰ্থনৈতিক উপদেষ্টা, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, পৰিকল্পনা আয়োগৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ নিজৰ জীৱন অলংকৃত কৰে৷ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মনমোহন সিঙে ২০০৫ চনত INDIA-ASEAN সন্মিলনৰ বাবে মালেয়চিয়ালৈ গৈছিল৷ তাত তেওঁৰ পৰিচয় দিয়া হৈছিল পৃথিৱীৰ আটাইতকৈ বেছি শিক্ষিত প্ৰধানমন্ত্ৰী হিচাপে৷ 

    ড° সিং ১৯৯১ চনৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদনৰ (ৰাজ্যসভা) সদস্য আছিল। তাত তেওঁ ১৯৯৮ৰ পৰা ২০০৪ চনৰ ভিতৰত বিৰোধী দলৰ নেতা আছিল। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ২২ মে’ত ড° মনমোহন সিঙে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু ২০০৯ চনৰ ২২ মে’ত দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে। তেওঁ একেৰাহে দহ বছৰ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ চম্ভালিছিল।

    প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এনে ৫ টা সৰ্বোৎকৃষ্ট কাম কৰি থৈ গৈছে যাৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী আজীৱন কৃতজ্ঞ হৈ থাকিব৷ সেই কামেৰে তেওঁ দেশক প্ৰগতিৰ পথেৰে আগুৱাই লৈ গৈছিল। আহকচোন জানো কি সেই বিশেষ ৫টা কাম

     
    ১) ১৯৯১ অৰ্থনৈতিক সংস্কাৰঃ ৯০ দশকৰ আৰম্ভণিতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত অচলাৱস্থাই দেখা দিছিল। দেশত চলিছিল পেট্ৰ’লিয়ামৰ সাংঘাতিক নাটনি৷ দেশখন পৰিচালনা কৰিবলৈ সেই সময়ত ভয়ংকৰ অৰ্থনৈতিক সমস্যাই দেখা দিছিল। তেনে সময়তে নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ডঃ মনমোহন সিঙক ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ বাবে বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্বেও পাচৰ কেইবছৰত ডঃ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। একমাত্ৰ মনমোহন সিঙৰ সবল নেতৃত্বত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ'ল৷ আৰ্থিক সংস্কাৰৰ ব্যাপক নীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা এতিয়াও বিশ্বজুৰি সমাদৃত। সেই সময়ত দেশৰ ওচৰত ত্ৰাণকৰ্তা ৰূুপে তেওঁ বিবেচিত হৈছিল।

     
    ২) তথ্য জনাৰ অধিকাৰ আইন ২০০৫ঃ ভাৰতত এনে দুখন আইনৰ প্ৰণয়ন কৰা হৈছে য’ত জনসাধাৰণৰ সুবিধা আটাইতকৈ বেছি৷ সেয়া হ’ল উপভোক্তা আইন আৰু তথ্য জনাৰ অধিকাৰ আইন (RTI)৷ মনমোহন সিং প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালে অহাৰ পাছতেই এই বিধেয়ক দুখন গৃহীত হৈছিল৷ ইয়াৰ বাবে ভাৰতবাসীয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল৷ এই আৰটিআই আইনৰ বাবেই পৰৱৰ্তী সময়ত বিভিন্ন বিভাগত সংঘটিত অনিয়ম পোহৰলৈ আহিছিল। চৰকাৰী গোপনীয়তা আইন, ১৯২৩' আৰু এনেকুৱা কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল, সেইয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকিয়া কৰিলে।

     
    ৩) মনৰেগা ২০০৬ঃ এয়া এনে এখন আইন যাৰদ্বাৰা চৰকাৰ আৰু জনসাধাৰণৰ সম্পৰ্ক সলনি হৈছিল৷ মনৰেগা আইনত মহিলাসকলক বিশেষকৈ প্ৰাধান্য দিয়া হৈছিল৷ এই আইনৰ জৰিয়তে গাঁৱৰ সকলো মানুহে নিজৰ এলেকাৰ আশেপাশে যাতে কৰ্মসংস্থাপন পায় তাৰবাবে গুৰুত্ব প্ৰদান কৰা হৈছিল৷ গোটেই পৰিয়ালটোকেই মুল লক্ষ্য কৰি লোৱা হৈছিল এই আঁচনিত৷ কৰ্মদক্ষহীন কৰ্মকৰ্তাৰ বাবে পিছলৈ পাছে এই আইন প্ৰসহনত পৰিণত হৈছিল৷ 

     
    ৪)  চিভিল নিউক্লিয়েৰ ডীল ২০০৮ঃ ভাৰতৰ প্ৰগতিৰ লগে লগে শক্তিখণ্ডৰো প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছিল। প্ৰতিখন গাঁৱলৈ বিজুলী যোগান ধৰিবৰ বাবে বিজুলী শক্তি উৎপাদনো অৱশ্যাম্ভাৱী হৈ পৰিছিল। ইয়াৰ বাবে নিউক্লিয়েৰ প্লাণ্ট স্থাপন কৰাটোৱেই হৈছে আটাইতকৈ সহজ। কিন্তু ইয়াৰ ফলত দায়ৱদ্ধতা আৰু বিপদো বাঢ়ি যায়। লগতে সেই সময়ত এনে প্ৰচাৰ ব্যাপক হৈ পৰিছিল যে চৰকাৰে আমেৰিকাৰ ওচৰত এইবোৰ কৰি দেশখন বন্ধকত থব বিচাৰিছে। মনমোহন চৰকাৰৰ সহযোগী কমিউনিষ্ট দলে ঘোষণা কৰিছিল নিউক্লিয়েৰ চুক্তি সম্পন্ন হ’লে তেওঁলোকে চৰকাৰৰ পৰা সমৰ্থন উঠাই ল’ব। এইবোৰৰ মাজতে মনমোহন সিঙে এই ঐতিহাসিক চুক্তি সম্পন্ন কৰিছিল। এয়া আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ কূটনৈতিক জয়।

    ৫) খাদ্য সুৰক্ষা বিধেয়ক-২০১৩ঃ স্বাধীনতাৰ দিনদিয়েক পূৰ্বে পশ্চিম বংগত দুৰ্ভিক্ষই দেখা দিছিল। সেই দুৰ্ভিক্ষত ৩০ লাখ লোকৰ মৃত্যু হৈছিল। চীনৰ সৈতে যুদ্ধ হোৱাৰ পিচত পুনৰ দুৰ্ভিক্ষই দেখা দিছিল। একে সময়তে পাকিস্তানৰ সৈতেও যুদ্ধ লাগিছিল। সেউজ বিপ্লৱৰ পাছত স্থিতি কিছু সুস্থিৰ হৈ পৰিছিল। কিন্তু ইমানৰ পিছতো দেশৰ কোটি কোটি লোকে পেট পূৰাই খাবলৈ পোৱা নাছিল। এনে সময়তে মনমোহন চৰকাৰে খাদ্য সুৰক্ষা বিধেয়কৰ জৰিয়তে বিশ্বত এক আদৰ্শ দাঙি ধৰিবলৈ সমৰ্থ হৈছিল। খাদ্য সুৰক্ষা আইনখন কিছু পৰিমাণে সমালোচিত হ’লেও এটা পৰ্যায়লৈকে ই দেশৰ কোটি কোটি দৰিদ্ৰ লোকক সকাহ দিবলৈ সমৰ্থ হয়। সেয়ে খাদ্য সুৰক্ষা আইনখনক সমগ্ৰ বিশ্বতে মনমোহন চৰকাৰৰ দেশবাসীৰ প্ৰতি থকা দায়ৱদ্ধতাৰ নমুনা হিচাপে আজিও গণ্য কৰি অহা হৈছে। 

    সফল ৰাজনীতিবিদ তথা অৰ্থনীতিবিদ ডঃ মনমোহন সিং সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ অধিকাৰী হওক...প্ৰাগ নিউজৰ তৰফৰ পৰা জন্মদিনৰ অফুৰন্ত শুভকামনা।