ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নেতা তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেই বিজেপি আই টি চেলৰ লোকসকলৰ মিছা আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত তেওঁ থানাতো এজাহাৰ দাখিল কৰিছে। তদুপৰি খৰ্গেই আই টি চেলৰ পৰিচালনাত জড়িত বিজেপি নেতা অমিত মালব্যই কৰা টুইটত আপত্তি কৰে।
অমিতে এটা টুইট কৰিছিল, য’ত তেওঁ লিখিছিল- ‘সৰলভাৱে ক’বলৈ গ’লে ৰাহুল গান্ধী ইমানেই ধূৰ্ত যে তেওঁৰ প্ৰতিটো ভিডিঅ’ কোৰিঅ’গ্ৰাফী কৰিলেহে তেওঁক শুদ্ধ যেন দেখা যায়। আমেৰিকাত ট্ৰাক চলোৱাটোও আছিল এক চলনা, য’ত আমেৰিকাৰ ভাৰতীয় বহিঃৰাষ্ট্ৰৰ যুৱ কংগ্ৰেছৰ সভাপতি তালজিন্দৰ সিং ভিকি গিলে ট্ৰাক চালকৰ অভিনয় কৰিছিল। আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ এন এছ ইউ আইৰ উপ-সভাপতি হিচাপে কাম কৰিছিল আৰু ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাৰো অংশ আছিল।"
অমিত মাল্যবৰ এই টুইটত অগ্নিশৰ্মা হৈ পৰিল প্ৰিয়ংক খৰ্গে। মালব্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বহুদিনৰ পৰা বিজেপিৰ আই টি হেণ্ডেলে ভুল খবৰ উলিয়াই আৰু উৰাবাতৰি বিয়পাই আহিছে। খৰ্গেই ক’লে- "এতিয়া সময় আহি পৰিছে বিজেপিৰ আই টি চেলৰ মুৰব্বীকে ধৰি এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ। ১৭ জুনত তেওঁ যি ক’লে সেয়া দুৰ্ভাগ্যজনক। ইয়াৰ বিৰুদ্ধে আজি আমি এজাহাৰ দাখিল কৰিছো। আমি এই বিষয়টোক যুক্তিসংগত সমাপ্তিৰ দিশে লৈ যাম।"
Leave A Comment