• ভাৰতীয় ৰাজনীতিত নতুন যুগলবন্দী-মোদী আৰু যোগী, তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’বলৈ যোগীয়েই ভৰসা মোদীৰ

    ৰাজনৈতিক
    ভাৰতীয় ৰাজনীতিত নতুন যুগলবন্দী-মোদী আৰু যোগী, তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ’বলৈ যোগীয়েই ভৰসা মোদীৰ
    ডিজিটেল ডেস্কঃ গংগাৰে উদয়াস্ত পানী বাগৰাৰ দৰেই বছৰো বাগৰি আছে৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ সেয়ে কঁকালত টঙালি বান্ধিছে বিজেপিয়ে৷দেশত এতিয়া বিৰোধী শক্তিহীন৷ সেয়ে বিজেপিয়েই পুনৰ শাসনৰ ৰাজপাট খাব পাৰিব বুলি এশ শতাংশই আশাবাদী৷ কিন্তু এইখিনিতে কেতবোৰ ভিতৰুৱা জটিলতাই মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব নে নাই তাকেলৈও প্রশ্নৰ উদ্ৰেক ঘটাইছে৷ 

    বিজেপি শিবিৰত দুই নেতা ক্ৰমে মোদী আৰু অমিত শ্বাহৰ মাজত ভিতৰুৱা শীতল যুদ্ধ এখন চলি আছে৷ বহুতে মোদীৰ পৰিৱৰ্তে অমিত শ্বাহকে পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ ৰূপত কল্পনা কৰিবলৈ লৈছে৷

    এনে পৰিস্থিতিত মোদীৰ ভৰসা হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে৷ কাৰণ দেশৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত আছে লোকসভাৰ ৮০ খন আসন৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিছুদিন পূৰ্বে ৮০ খনৰ ৭৫ খনেই বিজেপিয়ে লাভ কৰিব বুলি নিশ্চিতি দিছে৷

    মোদী-অমিত শ্বাহৰ মাজত কেইবাটাও বিষয়কলৈ মুকলি সংঘাতৰ সৃষ্টি হৈছে৷বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন,এনআৰচিকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে৷ গৃহমন্ত্ৰী অমিত শ্বাহে কা, এনপিআৰ আৰু এন আৰ চি সমগ্ৰ দেশতে ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰি অহাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন আৰ চি কাৰ্যকৰী কৰা নহ'ব বুলিহে কৈ আহিছে। প্ৰশ্নটো হ'ল কোনে সঁচা কৈছে আৰু কোনে মিছা কৈছে? 

    দুয়োজন নেতাৰ মাজত এনেবোৰ গুৰুত্বপূৰ্ণ বিষয়কলৈ সংঘাত  হোৱা দেখা গৈছে৷ একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নতুন দিল্লী ভ্ৰমণ কৰাৰ সময়ত উত্তৰ-পূব দিল্লীত সংঘটিত সংঘৰ্ষ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে মোদী শ্বাহৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল।

     শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী ভাষাকলৈ গ্ৰহণ কৰা স্থিতিৰ সৈতেও মোদীৰ স্থিতি বিপৰীত বুলি প্ৰমাণিত হৈছে৷ অমিত শ্বাহে হিন্দীক দেশৰ বিভিন্ন প্ৰান্তত বাধ্যতামূলক কৰিব বিচৰাৰ বিপৰীতে মোদীয়ে স্থানীয় ভাষাৰ উন্নয়নৰ বিষয়তহে গুৰুত্ব দি আহিছে৷ এনে বহু কাৰকৰ বাবেই দেখাকৈ নহ’লেও ভতৰুৱাভাবে বিজেপিত এতিয়া মোদী আৰু শ্বাহৰ দুটা শিবিৰৰ সৃষ্টি হৈছে৷

    সেয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত কৰিবলৈ মোদীয়ে শৰণাপণ্ণ হ’বলগীয়া হৈছে যোগীৰ৷কাৰণ বিজেপি আৰু আৰএছএছত যোগীৰ প্ৰভাৱ সৰ্বজন বিদিত৷ তদুপৰি উত্তৰ প্ৰদেশৰ ৮০ খন লোকসভা আসনৰ কথাটো আছেই৷ মোদীয়ে সেয়ে যোগীক হাত কৰি ৰাখিবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীক সুযোগ পালেই প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে৷

    প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অলপতে  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সাফল্যৰ তালিকা তৈয়াৰৰ কথা উল্লেখ কৰি যোগী আদিত্যনাথক প্ৰশংসাৰে ওপচাই দিছিল৷
     
    ৰাজ্যখনৰ শ্বাহজাহানপুৰ জিলাত ৫৯৪ কিলোমিটাৰ দীঘল গংগা এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এক ৰেলীত ভাষণ দি মোদীয়ে কৈছিল, "ইউপি প্লাছ যোগী, বহুত হে উপযোগী। 

    তেলেংগানাতো প্ৰধানমন্ত্ৰী  মোদীয়ে  তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ চৰকাৰ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সমালোচনা কৰিবলৈ গৈ যোগীৰ প্ৰসংগ উল্লেখ কৰিছিল৷ মোদীয়ে কৈছিল "তেলেংগানাৰ এই ভূমিৰ পৰা মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথজীক অভিনন্দন জনাইছো। কোনোবাই তেওঁক কৈছিল যে তেওঁ যিকোনো ঠাইলৈ যাব নালাগে, কিন্তু যোগীজীয়ে কৈছিল যে তেওঁ বিজ্ঞানত বিশ্বাস কৰে আৰু যাবনলগীয়া ঠাইলৈয়ো গুচি যায়। সেয়ে আজি তেওঁ পুনৰ মুখ্যমন্ত্ৰী হৈছে।"

    যোগী আদিত্যনাথে কোভিডৰ দ্বিতীয় ঢৌৰ মোকাবিলাক কৰা কাৰ্যকো  'অতুলনীয়' বুলি অভিহিত কৰি মোদীয়ে কৈছিল  যে ৰাজ্যখনে সৱল ভাবে মহামাৰীৰ সৈতে দক্ষতাৰে যুঁজ দিছে।৮০ খন লোকসভা আসন থকা উত্তৰ প্ৰদেশে প্ৰধানমন্ত্ৰী  মোদীৰ তৃতীয় কাৰ্যকালৰ মূল শক্তি সেয়া নিশ্চিত৷

    ২০২৪ চনৰ নিৰ্বাচনৰ বাবে বাবে বিজেপিয়ে প্ৰস্তুতি চলাই থকাৰ সময়তে  ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ প্ৰায় প্ৰাকমুহূৰ্তত বিজেপিয়ে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনত পৰাজিত হৈছে৷ সেয়ে দলটোৱে অতি সহজে লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’ব পাৰিব বুলিও ক’ব পৰা নাযায়৷

    বিজেপিয়ে ২০১৯ চনত উত্তৰ প্ৰদেশত প্ৰায় ৫০ শতাংশ ভোট লাভ কৰিছিল, যি ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কৰা ভোটতকৈ ১০ শতাংশতকৈ অধিক  আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনতকৈ ৭ শতাংশতকৈ অধিক আছিল। বিজেপিয়ে ৰাজ্য খনত ২০১৭ চনত প্ৰায় ৪০ শতাংশ ভোট লাভ কৰিছিল – ২০১২ চনত ১৫ শতাংশৰ পৰা বৃদ্ধি পাই সেয়া ২০১৭ ত ৪০ শতাংশ হৈছিল৷ 

    আদিত্যনাথৰ প্ৰভাৱৰ বাবেই উত্তৰ প্ৰদেশত বিজেপিয়ে ক্ৰমে গঢ়ি ৰচি উত্থানৰ ইতিহাস৷এইহেন প্ৰভাৱশালী যোগীয়েই সেয়ে ভৰসা হৈ পৰিছে মোদীৰ৷হয়তো এনে ভৰসাৰ বাবেই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো পুনৰ বাজিব সেই গীত-’আকৌ এবাৰ মোদীৰ চৰকাৰ’৷