• নাগালেণ্ডে সৃষ্টি কৰিলে ইতিহাস! নাগালেণ্ড গঠনৰ পিছত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত দুই মহিলা প্ৰাৰ্থী

    ৰাজনৈতিক
    নাগালেণ্ডে সৃষ্টি কৰিলে ইতিহাস! নাগালেণ্ড গঠনৰ পিছত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত দুই মহিলা প্ৰাৰ্থী
    ডিজিটেল ডেস্কঃ নাগালেণ্ডে সৃষ্টি কৰিলে ইতিহাস। ২০২৩ৰ বিধানসভা নিৰ্বাচনত ইতিহাস সৃষ্টি কৰিলে চুবুৰীয়া ৰাজ্য নাগালেণ্ডে। প্ৰথমবাৰলৈ ৰাজ্যখনত বিধানসভালৈ নিৰ্বাচিত হ’ল মহিলা প্ৰাৰ্থী। নাগালেণ্ড গঠন হোৱাৰ পিছৰে পৰা আজিলৈ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত হোৱা নাছিল এগৰাকীও মহিলা প্ৰাৰ্থী। কিন্তু এইবাৰৰ নিৰ্বাচনত ভংগ হ’ল সেই ৬০ বছৰীয়া পৰম্পৰা।

    নাগালেণ্ডৰ জনতাই বিধানসভালৈ নিৰ্বাচিত কৰিলে দুগৰাকীকৈ মহিলাক। প্ৰথমবাৰলৈ নাগালেণ্ড বিধানসভাত প্ৰৱেশ ঘটিব মহিলা বিধায়কৰ। আজি ঘোষিত ফলাফল অনুসৰি, Nationalist Democratic Progressive Party (NDPP)ৰ হেকানী জাখালুৱে ডিমাপুৰ–৩ সমষ্টিৰ পৰা জয়লাভ কৰে। হাকানীয়ে লোক জনশক্তি পাৰ্টী (ৰামবিলাস)ৰ এজেটো ঝিমোমিক ১৫৩৬টা ভোটত পৰাস্ত কৰে। হেকানীয়ে লাভ কৰে ১৪,৩৯৫টা ভোট। উল্লেখযোগ্য যে মাত্ৰ ৭ মাহ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰিছিল ৪৭ বছৰীয়া হেকানী জাখালুৱে।

    তাৰ পাছতেই জয়লাভ কৰে NDPPৰ আন এগৰাকী মহিলা প্ৰাৰ্থী ছালহুটুৱানো ক্ৰুজে। ছালহুটুৱানো ক্ৰুজে এই জয়লাভক ভগৱানৰ আশীৰ্বাদ বুলি উল্লেখ কৰে।  ৱেষ্টাৰ্ণ আংগামী–৮ সমষ্টিৰ পৰা জয়লাভ কৰে ক্ৰুজে। 

    উল্লেখযোগ্য যে ১৯৬৩ চনত নাগালেণ্ড ৰাজ্য গঠন হৈছিল। ৬০ বছৰ অতিক্ৰম কৰিলে, কিন্তু আজিলৈ ৰাজ্যখনত কোনো মহিলা বিধায়ক হিচাপে নিৰ্বাচনত হোৱা নাছিল। কিন্তু এইবাৰ সেই পৰম্পৰা ভংগ কৰি দুগৰাকীকৈ মহিলা নিৰ্বাচিত হ’ল বিধানসভালৈ।

    ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত ১৮৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ ভিতৰত আছিল মাত্ৰ চাৰিগৰাকী মহিলা। ইয়াৰ ভিতৰত NDPPৰ প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ কাহুলী ছেমা আৰু কংগ্ৰেছৰ ৰোজী থমছন পৰাস্ত হয়।