ডিজিটেল ডেস্কঃ ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছিল। য’ত এন ডি এ চৰকাৰে ২৯২খন আসন লাভ কৰাৰ বিপৰীতে আনফালে I.N.D.I.A মিত্ৰজোঁটে ২৩৪খন আসন লাভ কৰে।
সূত্ৰ অনুসৰি, লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২৯২ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ বাবে মোদীয়ে ৮ জুনৰ নিশা ৮ বজাত শপত গ্ৰহণ কৰিব পাৰে।
তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ভাৰতৰ দায়িত্ব ল’বলৈ ওলাইছে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণৰ বাবে চুবুৰীয়া দেশৰ নেতাসকললৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে। নেপালী এজন বিষয়াই এই কথা নিশ্চিত কৰিছে।
ভূটান, নেপাল আৰু মৰিচাছৰ নেতাসকলকো মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।
Leave A Comment