• ভগৱান ৰামক আমিষ আখ্যা দি ক্ষমা খুজিলে NCP নেতাই

    ৰাজনৈতিক
    ভগৱান ৰামক আমিষ আখ্যা দি ক্ষমা খুজিলে NCP নেতাই
    ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যৰ বাবে অৱশেষত ক্ষমা খুজিলে জীতেন্দ্ৰ আৱহাদে৷ভগৱান ৰামক ‘আমিষভোজী’ বুলি বিতৰ্কৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী জীতেন্দ্ৰ আৱহাদে বৃহস্পতিবাৰে এই মন্তব্যৰ বাবে ক্ষমা খোজে।


    কিন্তু তেওঁ "গৱেষণা অবিহনে কথা নকয়" বুলি আৱহাদে উল্লেখ কৰি কয় যে হিন্দু মহাকাব্য ৰামায়ণত তেওঁ কোৱা কথাৰ উল্লেখ আছে।বুধবাৰে মহাৰাষ্ট্ৰৰ শিৰডীত এক অনুষ্ঠানত ভাষণ দি এন চি পি-শাৰদ পাৱাৰ ফৈদৰ নেতা আৱহাদে কয়, "ৰাম আমাৰ, তেওঁ বহুজনৰ। কিন্তু ৰামে আগতে চিকাৰ কৰি খাইছিল।”


    অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধন কৰাৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁৰ এই মন্তব্যই বিজেপিৰ পৰা চোকা সমালোচনাৰ সন্মুখীন হৈছিল আৰু দলটোৱে ভগৱান ৰামৰ বিৰুদ্ধে "আপত্তিজনক মন্তব্য" কৰাৰ বাবে আৱহাদৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিছিল।"


    বুধবাৰৰ ভাষণত এন চি পিৰ নেতাগৰাকীয়ে ভাৰতক নিৰামিষ দেশলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও অভিহিত কৰে। আৱহাদে দাবী কৰে যে দেশৰ ৮০ শতাংশ জনসংখ্যা এতিয়াও আমিষভোজী আৰু তেওঁলোকো ভগৱান ৰামৰ ভক্ত।