• ‘ইণ্ডিয়া’ মিত্ৰজোঁট এৰিলে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ হেৰুৱাব নীতিশ কুমাৰে; অখিলেশে কৰিছে শেষ চেষ্টা

    ৰাজনৈতিক
    ‘ইণ্ডিয়া’ মিত্ৰজোঁট এৰিলে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ হেৰুৱাব নীতিশ কুমাৰে; অখিলেশে কৰিছে শেষ চেষ্টা
    ডিজিটেল ডেস্ক: বিহাৰৰ ৰাজনৈতিক অস্থিৰতাত এইবাৰ মূৰ সুমুৱাইছে অখিলেশ যাদৱে৷ ইণ্ডিয়া মিত্ৰজোঁটত আউল লগাই নীতিশ কুমাৰে শিবিৰ সলনি কৰাৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছে অখিলেশ যাদৱে৷ 

    সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে বিহাৰৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে মন্তব্য কৰি কয় যে নীতিশ কুমাৰে বিৰোধী ইণ্ডিয়া ব্লকৰ সৈতে শক্তিশালী হৈ থিয় হ’লে দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিলেহেঁতেন।

    মিত্ৰজোঁটত যিকোনো লোকক প্ৰধানমন্ত্ৰী পদৰ বাবে বিবেচনা কৰিব পাৰি বুলি উল্লেখ কৰি নীতিশ কুমাৰ সঠিক সমৰ্থনৰ সৈতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব পাৰিলেহেঁতেন বুলি পৰামৰ্শ দিয়ে অখিলেশ যাদৱে৷

    দেশৰ ৰাজনীতিৰ শেহতীয়া খবৰ অনুসৰি নীতিশ কুমাৰে ২৮ জানুৱাৰীত বিজেপিৰ সমৰ্থনত অভূতপূৰ্বভাৱে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

    নীতিশ কুমাৰৰ ইউ-টাৰ্ণত হতাশা ব্যক্ত কৰি অখিলেশ যাদৱে কয় যে তথাপি তেওঁ বিচাৰে যে জেডি(ইউ)ৰ মুৰব্বী ইণ্ডিয়া ব্লকৰ ভিতৰতে থাকক। তেওঁ লগতে কয়, যোৱাবছৰ নীতিশ কুমাৰে নিজে উদ্যোগ লৈছিল আৰু ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰিছিল। তাৰ পাছতো তেওঁৰ এনে স্থিতি হতাশজনক৷