• বিৰোধীশূন্য ফিল্ডত একপক্ষীয়ভাৱে গল দিছে বিজেপিয়ে

    ৰাজনৈতিক
    বিৰোধীশূন্য ফিল্ডত একপক্ষীয়ভাৱে গল দিছে বিজেপিয়ে
    ডিজিটেল ডেস্কঃ আজি খানাপাৰাৰ পৰা অসমত '২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভী বজালে প্ৰধানমন্ত্ৰী মোদীয়ে৷প্ৰায় লক্ষাধিক লোকৰ আগত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসো স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷কিন্তু বিজেপি তথা প্ৰধানমন্ত্ৰী মোদীৰ এই তৎপৰতাৰ মাজত স্তব্ধ হৈ পৰিছে কংগ্ৰেছ তথা বিৰোধী দলসমূহৰ গতি৷


    ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিৰোধী ঐক্যৰ নামকৰণ 'ইণ্ডিয়া' নামেৰে কৰাৰ পাছত সমগ্ৰ দেশজুৰি বিজেপিৰ ভেটি থৰকবৰক হৈ পৰিছিল৷কিন্তু বিজেপিৰ শক্তিশালী 'Social Engineering'ৰ দ্বাৰা অতি সোনকালে এই ক্ষতি পূৰণ কৰিবলৈ সক্ষম হৈছিল৷ইণ্ডিয়া মৰ্চাৰ আৰম্ভণি শক্তিশালী আছিল যদিও ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অকলেই কংগ্ৰেছে অৱতীৰ্ণ হৈ এক বৃহৎ ক্ষতি নিজৰ বাবে সৃষ্টি কৰিছিল৷


    ইখনৰ পাছত সিখন হিতাধিকাৰী আঁচনি ঘোষণা কৰি বিজেপিয়ে ভোটাৰক আকৃষ্ট থকাৰ সময়তে কংগ্ৰেছ নিমগ্ন হৈ পৰিছে মাথোঁ ৰাহুল গান্ধীক প্ৰক্ষেপ কৰাতহে৷ইতিমধ্যে ইণ্ডিয়া মৰ্চাত কংগ্ৰেছৰ সংগ এৰিছে নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীয়ে৷কৰ্ণাটকৰ দৰে দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্যত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ে দলটোৰ গতি বৃদ্ধি কৰিছিল যদিও প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতে বৰ্তমান দলটোক অতিশয় ক্ষতিগ্ৰস্ত কৰিছে৷


    বৰ্তমান লোকসভা নিৰ্বাচনলৈ আছে প্ৰায় মাত্ৰ দুমাহ৷শেহতীয়া সময়চোৱাত কংগ্ৰেছৰ যি ক্ষতি হ’ল তাৰ ৰিক’ভাৰীৰ বাবে এতিয়া সময় প্ৰায় সীমিত৷এই সময়চোৱাত কংগ্ৰেছে প্ৰত্যাৱৰ্তন কৰিব পাৰিবনে নোৱাৰে সেয়া হ’ব আগন্তুক দিনত লক্ষণীয়৷