scatter hitamscatter hitamslot thailandmpo slotsv388sabung ayam onlinemahjong ways 2agen bolasabung ayam onlineindojawa88akun pro thailandslot777bandar sabung ayam onlineagen bola sbobetlink sabung ayam onlinesitus sabung ayam online 24 jambocoran scatter hitamlive casino onlinelink mahjong ways 2 terbaruscatter hitam mahjong wins 3link sbobetsabung ayam online terpercayasitus mix parlayakun vipsabung ayam online resmi
হিংসাৰে নহয়,শান্তিৰেহে সম্ভৱ সমাধান; মণিপুৰত পীড়িতক সাক্ষাতৰ পাছত ৰাহুল গান্ধীৰ মন্তব্য Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • হিংসাৰে নহয়,শান্তিৰেহে সম্ভৱ সমাধান; মণিপুৰত পীড়িতক সাক্ষাতৰ পাছত ৰাহুল গান্ধীৰ মন্তব্য

    ৰাজনৈতিক
    হিংসাৰে নহয়,শান্তিৰেহে সম্ভৱ সমাধান; মণিপুৰত পীড়িতক সাক্ষাতৰ পাছত ৰাহুল গান্ধীৰ মন্তব্য
    ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে ভুক্তভোগীসকলক সাক্ষাৎ কৰি ৰাজ্যবাসীক এক বাৰ্তা প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে কয়, হিংসাৰ পৰা কোনো ধৰণৰ সমাধান ওলাই নাহে, কেৱল শান্তিৰেহে সমাধান সম্ভৱ।

    সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাহুল গান্ধীয়ে কয়, "মণিপুৰত শান্তিৰ প্ৰয়োজন। সাহায্য শিবিৰলৈ গৈ প্ৰতিটো সম্প্ৰদায়ৰ মানুহ লগ পাইছিলো। সাহায্য শিবিৰত ঔষধ আৰু খাদ্যৰ নাটনি, যাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। মণিপুৰৰ প্ৰতিজন ব্যক্তিক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছো। মই ইয়াত উপস্থিত আছো আৰু শান্তিৰ বাবে যি পাৰো কৰিম।"

    উল্লেখযোগ্য যে মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিন অৰ্থাৎ শুকুৰবাৰে ৰাহুল গান্ধীয়ে বিষ্ণুপুৰ জিলাৰ মৈৰাং চহৰৰ দুটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁ হিংসাৰ ফলত স্থানচ্যুত হোৱা ভুক্তভোগীসকলক সাক্ষাৎ কৰে। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীয়ে পুৱা প্ৰায় ৯.৩০ বজাত হেলিকপ্টাৰেৰে মৈৰাঙত উপস্থিত হৈ ইয়াত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগ শুনিবলৈ চেষ্টা কৰে। ৰাহুল গান্ধীৰ সৈতে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰম ইবোবি সিং, কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, পিচিচিৰ সভাপতি কিশম মেঘচন্দ্ৰ সিং আৰু প্ৰাক্তন সাংসদ অজয় ​​কুমাৰে সংগ দিয়ে।

    স্মৰ্ত্তব্য যে মৈৰাং এখন ঐতিহাসিক চহৰ য’ত ১৯৪৪ চনত আই এন এ (আজাদ হিন্দ ফৌজে) ভাৰতৰ ত্ৰিৰংগ পতাকা উত্তোলন কৰিছিল। ভ্ৰমণৰ প্ৰথম দিনাই ৰাহুল গান্ধীয়ে জাতিগত হিংসাৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ চুৰাচান্দপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰে।





    @stak('js')