• ইউনুছ খানে শপত ল’লে সংস্কৃত ভাষাত; ৰাজস্থানৰ পৰা দেশবাসীলৈ সমন্বয়ৰ বাৰ্তা

    ৰাজনৈতিক
    ইউনুছ খানে শপত ল’লে সংস্কৃত ভাষাত; ৰাজস্থানৰ পৰা দেশবাসীলৈ সমন্বয়ৰ বাৰ্তা
    ডিজিটেল ডেস্ক: দেশৰ সাম্প্ৰদায়িক ঐতিহ্যক পুনৰ প্ৰতিষ্ঠা কৰিলে ৰাজস্থানৰ এজন বিধায়কে৷ বৈচিত্ৰ্যৰ মাজত ঐক্য নীতিকে সাৰোগত কৰি সংস্কৃত ভাষাত শপতবাক্য পাঠ কৰি নিদৰ্শন দাঙি ধৰিলে ইউনুছ খান নামৰ এজন বিধায়কে৷

    শেহতীয়াকৈ ৰাজস্থানত গঠন হ’ল বিজেপি চৰকাৰ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল’লে ভজন লাল শৰ্মাই৷ ইতিমধ্যে ৰাজ্যখনৰ নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাত শপতগ্ৰহণ কৰিছে। কিন্তু ৰাজস্থানৰ দেদৱানাৰ নৱনিৰ্বাচিত বিধায়ক ইউনুছ খানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ পৰিছে৷ এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ কাৰণটো হৈছে যে সংস্কৃত ভাষাত শপতগ্ৰহণ কৰিছে নিৰ্দলীয় বিধায়ক ইউনুছ খানে। 
     
    ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত ইউনুছ খানে সংস্কৃতত কেনেদৰে শপত গ্ৰহণ কৰিছে সেয়া দৃশ্যমান হৈছে। 

    ভিডিঅ’টো সম্পৰ্কে মন্তব্য কৰি এজন নেটিজেনে লিখিছে, ইউনুছ খানে সংস্কৃতত শপতগ্ৰহণ কৰাটোৱে সমৃদ্ধি আৰু সাংস্কৃতিক সম্প্ৰীতিৰ প্ৰতি তেওঁৰ শক্তিশালী প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে, যি তেওঁৰ নেতৃত্বত জনতাৰ মাজত সংহতি বৃদ্ধি কৰিব। 

    ইউনুছ খান তেওঁৰ সৰলতাৰ বাবে অতি জনপ্ৰিয়। ভিডিঅ’টো বহুতো ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপত শ্বেয়াৰ কৰিছে।