• ৰিপুন বৰা গ' বেক ধ্বনি, কিন্তু কিয়?

    ৰাজনৈতিক
    ৰিপুন বৰা গ' বেক ধ্বনি, কিন্তু কিয়?
    ডিজিটেল ডেস্ক: ৰিপুন বৰাৰ সভাৰ সন্মুখত ৰিপুন বৰা গ' বেক ধ্বনি দিলে ৰাইজে। আনকি তৃণমূল কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ লগত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰা হ’ল বৰাৰ বিৰুদ্ধে। পিছে কিয় ৰিপুন বৰাৰ বিৰুদ্ধে ওলাই আহিল এইসকল ৰাইজ?

    এই ঘটনা বুধবাৰৰ। নগাঁৱৰ চলচলিত বিজেপি কৰ্মীৰ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে এই উত্তাল প্ৰতিবাদ। ৰাইহান চৌধুৰী নামৰ যুৱক এজনৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে স্থানীয় বিজেপি কৰ্মীয়ে। অভিযোগ অনুসৰি ৰাইহান চৌধুৰী নামৰ লোকজন চলচলিৰ স্থানীয় বাসিন্দা নহয়। স্থানীয় বাসিন্দা নোহোৱাকৈ চৌধুৰীয়ে চলচলিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় স্থাপন কৰি তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত যোগদান কায্যসূচী অনুষ্ঠিত কৰিছে। অভিযোগ অনুসৰি যিসকল লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে সেইসকল লোক চলচলিৰ স্থানীয় লোক নহয়। সেই লোকসকলক ৰূপহী, জুৰীয়া আৰু ধিংৰ পৰা ৰাইহান চৌধুৰীয়ে ভাড়া কৰি আনি তৃণমূল কংগ্ৰেছৰ সভাপতিক নগাঁও সদৰ সমষ্টিৰ লোক হিচাপে চিনাকি কৰাই দি তৃণমূল কংগ্ৰেছত যোগদান কৰাইছে বুলি অভিযোগ আনিলে ৰাইজে। 

    আনহাতে বিজেপিৰ সংখ্যালঘু কৰ্মীয়ে মতে, পূৰ্বতে কংগ্ৰেছে সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি ৰাজনীতি কৰিছিল। বৰ্তমান পুনৰ তৃণমূল কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ লগত ৰাজনীতি কৰিব বিচাৰি আছে। সেয়ে তৃণমূল কংগ্ৰেছৰ সভাত সভাপতি ৰিপুন বৰাৰ উপস্থিতিত বিজেপি কৰ্মীয়ে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা গ' বেক, ৰিপুন বৰা মূর্দাবাদ, মমতা বেনাৰ্জী মূর্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।