ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে (৯ এপ্ৰিল) মুম্বাইত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই সময়ত তেওঁ কয় যে ভাৰতৰ ‘বিশ্ব গুৰু’ হোৱাৰ দিশত অগ্ৰগতি লেহেমীয়া কৰিবলৈ ভাৰতৰ বিষয়ে ভুল ধাৰণা আৰু বিকৃত তথ্য প্ৰচাৰ কৰা হৈছে। আসুৰিক শক্তিবোৰে আমাক হত্যা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ আমি মানুহক প্ৰস্তুত কৰিব লাগিব।
ভাগৱতে কয় যে ১৮৫৭ চনৰ পিছত দেশৰ বিষয়ে এনে ভুল ধাৰণা প্ৰচাৰ হৈছিল যদিও স্বামী বিবেকানন্দই এনে উপাদানৰ উপযুক্ত উত্তৰ দিছিল। তেওঁ কয় যে এই ভুল ধাৰণাবোৰ আমাৰ অগ্ৰগতি লেহেমীয়া কৰিবলৈ প্ৰচাৰ কৰা হৈছে কাৰণ পৃথিৱীৰ কোনোৱেই আমাৰ লগত যুক্তিৰ ভিত্তিত তৰ্ক কৰিব নোৱাৰে।
মোহন ভাগৱতে কয় যে "আমাৰ দেশ বিশ্বগুৰু হ’ব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আগন্তুক ২০-৩০ বছৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হোৱা দেখিছোঁ। ইয়াৰ বাবে যুৱপ্ৰজন্ম সাজু হ’ব লাগে। ইয়াৰ পূৰ্বে শনিবাৰে ভাগৱতে সংগঠিত কৰ্মশক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে "আমি বিশ্ব মংগল সাধনাৰ নীৰৱ পুৰোহিত। একে সময়তে তেওঁ শ্ৰমিকসকলক সেৱাৰ বাবে উপযুক্ত আৰু উৎকৃষ্ট শ্ৰমিক হোৱাৰ প্ৰতিশ্ৰুতি ল’বলৈ আহ্বান জনায়।"
Leave A Comment