• ৰাম মন্দিৰৰ উদ্‌ঘাটন কাৰ্যসূচীত উপস্থিত নাথাকে শাৰদ পাৱাৰ; পাছতহে মন্দিৰ দৰ্শন কৰিব ৰাজনীতিবিদজনে

    ৰাজনৈতিক
    ৰাম মন্দিৰৰ উদ্‌ঘাটন কাৰ্যসূচীত উপস্থিত নাথাকে শাৰদ পাৱাৰ; পাছতহে মন্দিৰ দৰ্শন কৰিব ৰাজনীতিবিদজনে
    ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত উপস্থিত নাথাকে শাৰদ পাৱাৰ৷ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকিব আৰু উদ্বোধনী অনুষ্ঠানৰ পাছত মন্দিৰ ভ্ৰমণ কৰিব বুলি জনাইছে।

    ৰাম জন্মভূমি তীৰ্থৰ সাধাৰণ সম্পাদক চম্পট ৰায়লৈ লিখা এখন পত্ৰত পাৱাৰে কয় যে, ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পাছত মই মুক্তভাৱে সময় উলিয়াই দৰ্শনৰ বাবে আহিম আৰু তেতিয়ালৈকে ৰাম মন্দিৰ নিৰ্মাণৰ কামো হ’ব সম্পূৰ্ণ হ'ব।

    ইয়াৰ পূৰ্বে পাৱাৰে বিজেপিক এই অনুষ্ঠানৰ নিমন্ত্ৰণ নোপোৱাৰ বাবে আক্ৰমণ কৰিছিল। পাৱাৰে কয় যে দলটোৱে বিষয়টো ধৰ্মীয় নে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে সেয়া বুজিবলৈ টান।

    পাৱাৰে কয় যে- ‘নাজানো যে বিজেপিয়ে এই বিষয়টো ৰাজনৈতিক নে বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে। আমি সুখী যে মন্দিৰটো আহি আছে যাৰ বাবে বহুতে অৱদান আগবঢ়াইছে।’