• Dry state বিহাৰত তেজস্বী যাদৱৰ বিৰুদ্ধে মদ্যপানৰ অভিযোগ; বিজেপিয়ে দাবী কৰিলে তদন্তৰ

    ৰাজনৈতিক
    Dry state বিহাৰত তেজস্বী যাদৱৰ বিৰুদ্ধে মদ্যপানৰ অভিযোগ;  বিজেপিয়ে দাবী কৰিলে তদন্তৰ
    ডিজিটেল ডেস্কঃ এইবাৰ মদ্যপানৰ অভিযোগত তেজস্বী যাদৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি৷ ৰাজ্যসভাৰ সাংসদ তথা বিজেপি নেতা সুশীল কুমাৰ মোদীয়ে Dry state বিহাৰত সুৰা সেৱন কৰাৰ অভিযোগত বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই আৰজেডি নেতা তেজস্বী যাদৱক লৈ কৰা টুইটৰ জৰিয়তে বিতৰ্কৰ সূচনা কৰে।


    এক্সত এটা পোষ্টত সুশীল মোদীয়ে বহিষ্কৃত আৰজেডিৰ এমএলচি ৰামবলী সিং চন্দ্ৰবংশীক সাঙুৰি দাবী কৰে যে তেজস্বী যাদৱে ক্ষমতাত থকালৈকে বিহাৰত সুৰা সেৱন কৰিছিল।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰক বিতং তদন্ত কৰিবলৈয়ো বিজেপি নেতাগৰাকীয়ে আহ্বান জনায়।

    উল্লেখ্য যে ২০১৬ চনৰ পৰা বিহাৰত সুৰা সেৱন, বিক্ৰী আৰু মজুতকৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।সুশীল মোদীৰ এই টুইটৰ উত্তৰত আৰজেডিয়ে আইনী ব্যৱস্থাৰ হুংকাৰ দিয়ে।

    আৰজেডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে কয় যে বিহাৰত সুৰা নিষেধাজ্ঞাৰ কৃতিত্ব তেজস্বী যাদৱক দিয়া উচিত।তিৱাৰীয়ে ২০১৬ চনত ‘মহাগঠবন্ধন’ চৰকাৰে নিৰ্ণায়কভাৱে বন্ধ কৰি দিয়া বিহাৰত সুৰাৰ দোকান প্ৰসাৰিত হোৱাৰ বাবেও পূৰ্বৰ এন ডি এ চৰকাৰক দোষাৰোপ কৰে।

    ইফালে, এই দাবীক লৈ সুশীল মোদীক তীব্ৰ সমালোচনা কৰে আৰজেডিৰ মিত্ৰ কংগ্ৰেছে৷ কংগ্ৰেছৰ মুখপাত্ৰ আসিত নাথ তিৱাৰীয়ে কয় যে তেজস্বী যাদৱে সুশীল মোদীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব লাগিব।