• বিজেপিক প্ৰতিহত কৰাৰ সিদ্ধান্ত! বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজ্যৰ ১০টা ৰাজনৈতিক দল

    ৰাজনৈতিক
    বিজেপিক প্ৰতিহত কৰাৰ সিদ্ধান্ত! বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজ্যৰ ১০টা ৰাজনৈতিক দল
    ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত হয়। বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বকলৈ এই বৈঠক অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত। ৰাজ্যখনৰ ১০ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি বৈঠকত উপস্থিত থাকে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লগতে বিজেপিৰ বিৰুদ্ধে সন্মিলিতভাৱে আগবঢ়াৰ সিদ্ধান্ত লোৱা হয় বৈঠকখনত। 

    অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত দল কেইটাৰ নেতৃত্বই ৰণকৌশল তৈয়াৰ কৰে। ইয়াৰ লগতে বৈঠকত উপস্থিত থকা ১০ টা বিৰোধী ৰাজনৈতিক দলে অহা ৯ এপ্ৰিলত গুৱাহাটীত উমৈহতীয়াভাৱে ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

    এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্য্যকৰী সভাপতিদ্বয় জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, বিধায়ক ভৰত চন্দ্ৰ নৰহ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত থাকে। আহ্বায়ক ভূপেন বৰাই বৈঠকত বিৰোধীৰ এক সঠিক ৰণনীতি প্ৰস্তুত কৰাত সফল হোৱা বুলি দাবী কৰে। 

    উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠকত দেখা নগ’ল আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু এআইইউডিএফক। বিৰোধী ৰাজনৈতিক দলৰ এই বৈঠকত আপ, এআইডিইউএফ আৰু তৃণমূল কংগ্ৰেছৰ দৰে আগশাৰীৰ ৰাজনৈতিক দলে স্থান নোপোৱাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।