ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ তথা জনপ্ৰিয় নেতা, জাতীয় সংগঠনটোৰ সদ্য পদত্যাগী উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে যোগ দিব ৰাজনীতিত৷ তেওঁ কাইলৈ দুই শতাধিক সতীৰ্থৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰিব৷ লক্ষ্যণীয় যে বিগত বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগ লাগি জন্ম দিয়া অসম জাতীয় পৰিষদ দলটোৰ সৈতে শেহতীয়াকৈ ছাত্ৰ সন্থাৰ একাংশ শীৰ্ষ নেতাৰ দূৰত্ব বৃদ্ধি পোৱা বুলি চৰ্চা চলিছে৷
এনে সময়তে ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈৰ নেতৃত্বত সংগঠনটোৰ বৃহৎ দল এটাই জাতীয় পকিষদত যোগদান কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ জাতীয় পৰিষদৰ সূত্ৰই জনোৱা মতে, কাইলৈ দিশৰ ১১:৩০ বজাত গুৱাহাটীৰ মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এখন সভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত উদ্দীপজ্যোতি গগৈয়ে জাতীয় পৰিষদত যোগদান কৰিব৷ তেওঁৰ সৈতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ লগতে মহকুমা, আঞ্চলিক আৰু বিশ্ববিদ্যালয় আছু গোটৰ আন কেইবাগৰাকী নেতা তথা কৰ্মকৰ্তাই যোগদান কৰিব জাতীয় পৰিষদত৷ এই উপলক্ষ্যে উক্ত নেতাসকলৰ প্ৰায়সকলেই আজি আহি গুৱাহাটীত উপস্থিত হৈছে৷ শিৱসাগৰ জিলাৰ বাসিন্দা উদ্দীপজ্যোতি গগৈয়ে গুৱাহাটীলৈ যাত্ৰা কৰাৰ পূৰ্বে ঢেকিয়াখোৱা বৰনামঘৰত সেৱা কৰি, চাকি-বন্তি জ্বলাই ৰাজনৈতিক জীৱনৰ যাত্ৰা আৰম্ভ কৰে৷ তাৰ পূৰ্বে তেওঁ শিৱদৌল আৰু ৰংঘৰত সোমাই সেৱা আগবঢ়ায়৷
Leave A Comment