• মোদীৰ জন্মদিনত বিজেপীৰ শীৰ্ষনেতাৰ ভণ্ডামী ; বেজীৰ ভয়ত বিচনাৰ পৰা জপিয়াই উঠিল নেতাজন

    ৰাজনৈতিক
    মোদীৰ জন্মদিনত বিজেপীৰ শীৰ্ষনেতাৰ ভণ্ডামী ; বেজীৰ ভয়ত বিচনাৰ পৰা জপিয়াই উঠিল নেতাজন
    ডিজিটেল ডেস্কঃ মোৰাদাবাদ পৌৰ নিগমৰ মেয়ৰ হিচাপে বিনোদ আগৰৱালা তৃতীয়বাৰৰ বাবে এই পদত নিৰ্বাচিত হৈছে। তেওঁ মোৰাদাবাদৰ এজন অন্যতম প্ৰতিষ্ঠিত ব্যক্তি । পত্নী বীনা আগৰৱালাও ৰাজনীতিত সক্ৰিয় আৰু তেওঁ দুবাৰকৈ মেয়ৰ নিৰ্বাচিত হৈছিল। ২০১৭ চনৰ পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰিজৱান কুৰেশীক পৰাস্ত কৰি বিনোদ আগৰৱালাই মেয়ৰৰ পদ দখল কৰিছিল। বয়স ৬৫ বছৰ আৰু তেওঁ এগৰাকী স্নাতক। তেওঁৰ পৰিয়ালৰ এখন পঞ্চ তাৰকা হোটেলো আছে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই ৰক্তদান কাৰ্যসূচীত বিনোদ আগৰৱালাই ৰক্তদানৰ সিদ্ধান্ত লৈছিল যদিও ঘটনাটোৱে এক অনন্য ৰূপ লয়। মোৰাদাবাদৰ মেয়ৰ বিনোদ আগৰৱালা বৰ্তমান বিতৰ্কিত পৰিস্থিতিত, তেওঁৰ বিৰুদ্ধে ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ফটোশ্বুট কৰাৰ অভিযোগ উত্থাপন হৈছে। 

    বিনোদ আগৰৱালাই চিকিৎসালয়ত ৰক্তদান প্ৰক্ৰিয়া আৰম্ভ কৰে, কিন্তু যেতিয়া ডাক্তৰে তেজ উলিয়াবলৈ আৰম্ভ কৰে, তেও হাঁহিবলৈ ধৰে আৰু কয়, “ডাক্তৰ চাহাব, বাদ দিয়ক, আমি এনেই আহিছো।” ইয়াৰ পিছত তেওঁ ৰক্তদান কৰিবলৈ অস্বীকাৰ কৰি তাৰ পৰা গুচি যায়।

    এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত মানুহে তেওঁক “অভিনেতা” আখ্যা দিছে। বিনোদ আগৰৱালাই কেৱল ফটো তুলিবলৈহে তালৈ গৈছিল বুলিও একাংশ লোকে কৈছে।