• ১৩ ৰাজ্যত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী

    ৰাজনৈতিক
    ১৩ ৰাজ্যত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী
    ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ ১৩খন ৰাজ্যৰ মুঠ ৮৯টা সমষ্টিত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। এই ১৩খন ৰাজ্য হ’ল অসম, বিহাৰ, ছত্তিশগড়, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ-প্ৰদেশ আৰু পশ্চিমবংগ।


    অসমৰ ৫টা সমষ্টিত আজি পুৱা ৭-০০বজাৰ পৰা বিয়লি ৫-০০ বজালৈকে অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এই ৫টা সমষ্টি হৈছে নগাঁও, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰি আৰু ডিফু।


    উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩খন ৰাজ্যৰ মুঠ ১২০৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰে ভিতৰত অসমৰ আছে ৬১গৰাকী প্ৰাৰ্থী। নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ সংখ্যা ১৩ গৰাকী। একেদৰে শিলচৰৰ ৮গৰাকী, কৰিমগঞ্জৰ সৰ্বাধিক ২৪গৰাকী, দৰং-ওদালগুৰিৰ ১১গৰাকী আৰু ডিফুৰ ৫গৰাকীয়ে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব


    দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত অসমৰ ৫টা সমষ্টিত ৬১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে, কৰিমগঞ্জ লোকসভা সমষ্টিত সৰ্বাধিক প্ৰাৰ্থী (২৪) আৰু ডিফুত সৰ্বনিম্ন প্ৰাৰ্থী (৫) আছে।

    অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকল হ’ল- প্ৰদ্যুত বৰদলৈ (নগাঁও, কংগ্ৰেছ), জয়ৰাম ইংলেং (ডিফু, কংগ্ৰেছ), দিলীপ শইকীয়া (দৰং-ওদালগুৰি, বিজেপি) আৰু পৰিমল শুক্লবৈদ্য (কাৰিমগঞ্জ, বিজেপি )।