• আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ; মুঠ ভোটাৰৰ সংখ্যা ৯ লাখ ১০ হাজাৰ ৬৬৫গৰাকী

    ৰাজনৈতিক
    আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ; মুঠ ভোটাৰৰ সংখ্যা ৯ লাখ ১০ হাজাৰ ৬৬৫গৰাকী
    ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ কটকটীয়া নিৰাপত্তাৰ মাজেৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ আৰম্ভ হ’ব ভোটগ্ৰহণ। চামগুৰি, বিহালী, বঙাইগাঁও, চিদলীত আৰু ধলাই সমষ্টিত ভোটগ্ৰহণ চলি আছে। ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ ১০৭৮টা। বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী বুলি জান্ব পৰা গৈছে৷

    চামগুৰিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। চামগুৰিত মুঠ ১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা।

    চামগুৰিত মুঠ ভোটাৰ হ’ল ১ লাখ ৮০ হাজাৰ ৮৫৪গৰাকী। ভোট কেন্দ্ৰ হ’ল ১৯৭টা।

    বিহালীত বিৰোধী মিত্ৰজোঁটেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ বিজেপিৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজতে তীব্ৰতৰ যুঁজ হোৱাৰ সম্ভাৱনা।

    বিহালীৰ মুঠ ভোটাৰ ১ লাখ ৩২ হাজাৰ ৫৭৯ গৰাকী। ভোট কেন্দ্ৰ আছে ১৫৪টা৷

    বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহা মূল প্ৰতিদ্বন্দ্বী৷

    বঙাইগাঁৱৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৮২ হাজাৰ ৩৫৪গৰাকী। বঙাইগাঁও সমষ্টিত আছে ২৪৬টা ভোট কেন্দ্ৰ।

    চিদলী UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু BPFৰ শুদ্ধ কুমাৰ বসুমতাৰীৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা। 

    চিদলীৰ মুঠ ভোটাৰ হ’ল ২ লাখ ১৭ হাজাৰ ২৩৬গৰাকী। চিদলী সমষ্টিত আছে ২৭৩টা ভোট কেন্দ্ৰ।

    ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজত মূল যুঁজ হোৱাৰ সম্ভাৱনা৷

    ধলাইৰ মুঠ ভোটাৰ হ’ল ১ লাখ ৯৭ হাজাৰ ৬৪২ গৰাকী। ভোট কেন্দ্ৰ হ’ল ২০৮টা।