ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ(Uttar Pradesh) যোগী চৰকাৰৰ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱক ২৯ এপ্ৰিলৰ মাজনিশাৰ পিছত ততাতৈয়াকৈ বান্দা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰিছিল। তেওঁৰ হাত-ভৰি ফুলি গৈছিল।
আশংকা কৰা হৈছিল যে শুই থাকোঁতে তেওঁক হয়তো এটা সাপে খুঁটিলে। কিবা বিষাক্ত পোকে কামুৰিব পাৰে বুলিও শংকা কৰা হৈছিল। প্ৰায় আঢ়ৈ ঘণ্টা চিকিৎসাৰ পাছত নিশ্চিত হৈছিল যে তেওঁক সাপে নহয় এন্দুৰে কামুৰিছিল। এই কথা গম পোৱাৰ পাছতহে পৰিয়ালৰ লোকসকলৰ লগতে মন্ত্ৰীসভাই স্বস্তিৰ নিশ্বাস পেলাইছিল। গিৰীশ চন্দ্ৰ যাদৱক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। গিৰীশ চন্দ্ৰ যাদৱ যোগী চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)।
দৰাচলতে মন্ত্ৰীজনে উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ডত জনকল্যাণমূলক আঁচনিসমূহৰ মূল বাস্তৱতা জানিবলৈ বান্দা জিলা ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ মাৱাই বাইপাছৰ চাৰ্কিট হাউচত আছিল। ৰাতি তেওঁ শুই থাকোতে এন্দুৰে কামুৰিছিল। যেতিয়া বিষ বাঢ়িবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চাৰ্কিট হাউচৰ চাৰিওফালে ঘন অৰণ্য আছিল,সেয়েহে মন্ত্ৰীজনক সৰ্পই দংশন কৰা বুলি আশংকা কৰা হৈছিল। অৱশেষত সেই আশংকা মাৰ যোৱাত সকলোৱে পেলাইছে স্বস্তিৰ নিঃশ্বাস।
Leave A Comment