• "তদন্তৰ সন্মুখীন হ’লে সুখী হ’ম" - মিজো চৰকাৰে দিয়া জাননীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

    আঞ্চলিক
    "তদন্তৰ সন্মুখীন হ’লে সুখী হ’ম" - মিজো চৰকাৰে দিয়া জাননীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

    গুৱাহাটী: অসম-মিজোৰাম সংঘৰ্ষৰ পাছৰে পৰা ক্ৰমাৎ বিষয়টো অধিক জটিলতাৰ দিশে গতি কৰা দেখা গৈছে৷ অসমৰ ৬গৰাকী বিষয়ালৈ মিজোৰাম চৰকাৰে তদন্তৰ বাবে উপস্থিত হ’বলৈ জাননী জাৰি কৰাক লৈ পুনৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷





    কোলাছিব জিলাৰ আৰক্ষী বিষয়াই জাৰি কৰিছে জাননী। জিপি অনুৰাগ আগৰৱালা, এছপি চন্দ্ৰকান্ত নিম্বলকাৰ, কাছাৰৰ ডিআইজি দেৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, ডিএফঅ’ এছ চৌধুৰী তথা অসমৰ মুখ্য সচিব আৰু ডিজিপিলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অৱশ্যে এই জাননীৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷





    মিজোৰামৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “এইক্ষেত্ৰত তদন্তৰ সন্মুখীন হ’লে সুখী হ’ম”- বুলি উল্লেখ কৰিছে৷ তদুপৰি ঘটনাৰ তদন্ত নিৰপেক্ষ সংস্থাক নিদিয়াক লৈ প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাৰ৷