National
Digital Desk: External Affairs Minister Dr. S Jaishankar will represent India at the swearing-in ceremony of US President-elect Donald Trump on January 20. Donald Trump is set to become the 47th President of the
গুৱাহাটী: শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনস্থ গুৱাহাটীৰ বেলতলাস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয়ত মঙলবাৰে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। লগত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষাণ। চিকিৎসালয়খনৰ ৰোগীৰ কোঠা পৰিদৰ্শনৰ লগতে চিকিৎসক-চিকিৎসা কৰ্মীৰ সৈতেও মত-বিনিময় কৰে মন্ত্ৰী তেলীয়ে।
উল্লেখ্য যে, ১৯৮৫ চনতে স্থাপিত হাস্পতালখনত আৰম্ভ কৰা হৈছে নতুন ভৱন নিৰ্মাণৰ। আগন্তুক ৩ বছৰৰ ভিতৰত আটকধুনীয়া তথা অত্যাধুনিক সা-সুবিধাৰে সজাই তোলা হ’ব চিকিৎসালয়খন। আজি হাস্পতালখনত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ বৰ্তমান ৫০খন বেড সংলগ্ন চিকিৎসালয়খনৰ বেড নতুন বিল্ডিঙৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ১০০খনলৈ বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷
ভাৰত চৰকাৰে দেশৰ ৩৮ কোটি শ্ৰমিকৰ স্বাস্থ্যৰ কথা চিন্তা কৰি শ্ৰমিকৰ সুবিধাৰ্থে মুকলি কৰিছে ই- শ্ৰম প’ৰ্টেল। এই প’ৰ্টেলত শ্ৰমিকসকলে ৰেজিষ্টাৰ কৰি এটা ই-কাৰ্ড লাভ কৰিব। এই কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলে স্বাস্থ্যৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব৷ অসমত কৰ্মচাৰীসকলৰ চিকিৎসালয় বৃদ্ধিৰ চিন্তা-চৰ্চা চৰকাৰৰ। বৰ্তমান দুখন চিকিৎসালয় আছে অসমত৷
Leave A Comment