• 'কা' আমি নামানোঃ পুনৰ ক্ষোভৰ জুইত জ্বলিল ৰাজ্য

    আঞ্চলিক
    'কা' আমি নামানোঃ পুনৰ ক্ষোভৰ জুইত জ্বলিল ৰাজ্য

    গুৱাহাটী : শুকুৰবাৰৰ পৰা হঠাৎ ক্ষোভত জ্বলি উঠিল অসম৷ কি উজনি কি নামনি সকলোতে আকৌ মুখৰিত 'কা'বিৰোধী ধ্বনি৷ মঙলদৈ লখিমপুৰ, নলবাৰী, শোণিতপুৰ, বৰপেটা, সোণাৰি আৰু নগাঁৱত ছাত্ৰ সন্থাৰ ব্যাপক বিক্ষোভ কাৰ্যসূচী। মুখত ক’লা কাপোৰ পিন্ধি বিক্ষোভ ‘আছু’ৰ।





    আৰু পঢ়িব পাৰিব :পিছ হুহকি নাহোঁ… চীনৰ বিৰুদ্ধে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ হুংকাৰ





    শোণিতপুৰত আছু কৰ্মীৰ টায়াৰ জ্বলাই প্ৰতিবাদ৷'কা' আমি নামানো'- ধ্বনিৰে মুখৰিত হ'ল সমগ্ৰ শোণিতপুৰ৷ ইপিনে এই বিক্ষোভৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰে৷ এই লাঠিচালনাত কেইবাজনো আছু কৰ্মী আহত হয়৷ ইপিনে আছুৰ উত্তাল প্ৰতিবাদত মুখৰিত হ'ল মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰ ৷





    আৰু পঢ়িব পাৰিব :মোদী-অমিতৰ আগমনত ৰাজ্যজুৰি পালন ক’লা দিৱস





    ‘কা’ বাতিল, EIA প্ৰত্যাহাৰৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে ‘আছু’ৱে৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ ভ্ৰমণৰ অভিলাষী কাৰ্যসূচী আনফালে ‘আছু’ৰ ‘ কা' বিৰোধী প্ৰতিবাদে ৰাজ্যৰ বাতাবৰণ গৰম কৰি তুলিলে৷