• অ'এনজিচিৰ অপহৃত ৩ কৰ্মচাৰীৰ দুজনক উদ্ধাৰ

    আঞ্চলিক
    অ'এনজিচিৰ অপহৃত ৩ কৰ্মচাৰীৰ দুজনক উদ্ধাৰ

    শিৱসাগৰ : আলফা (স্বাঃ)-এ অপহৰণ কৰা অ'এনজিচিৰ ৩ কৰ্মচাৰীৰ দুজনক উদ্ধাৰ কৰে আজি পুৱতিনিশা৷ নাগালেণ্ডৰ মন জিলাৰ পৰা নিশা ভাৰতীয় সেনাই উদ্ধাৰ কৰে ২ কৰ্মচাৰীক৷ সেনাৰ সৈতে অসম ৰাইফলছেও উদ্ধাৰ অভিযানত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল৷





    আৰু পঢ়িব পাৰিব: কৰ’নাৰ কালৰূপ : শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক





    ভাৰতীয় সেনাৰ অভিযান উদ্ধাৰ হ’ল অপহৃত অ'এনজিচিৰ কৰ্মচাৰী মোহিনীমোহন গগৈ আৰু অলকেশ শইকীয়া৷ এই অভিযানত সেনাই উদ্ধাৰ কৰে এটা AK-47 ৰাইফলো৷





    আৰু পঢ়িব পাৰিব: ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য! সাজু হ’ব ১,০৫০খন বিচনা





    উল্লেখ্য যে সেনাই ৩ বিষয়াক নাগালেণ্ডৰ পৰা ম্যানমাৰলৈ নিয়া সম্ভেদৰ পাছতে অভিযান চলাই উদ্ধাৰ কৰে দুই অপহৃতক৷ প্ৰাপ্ত তথ্য অনুসৰি অপহৰণকাণ্ডত জড়িত আছে SS মেজৰ গণেশ লাহন, এছ এছ মেজৰ দিব্বু আহোম, জেমছ আহোম, বিক্ৰম আহোম আৰু গজেন্দ্ৰ আহোম জড়িত আছে৷ লগতে অপহৰণকাণ্ডত আলফাৰ কেইবাজনো লিংকমেন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সেনা-আৰক্ষীয়ে৷