• অ'এনজিচিৰ কৰ্মচাৰী অপহৰণকাণ্ডত জড়িত ৩ আৰক্ষী জোৱান !

    আঞ্চলিক
    অ'এনজিচিৰ কৰ্মচাৰী অপহৰণকাণ্ডত জড়িত ৩ আৰক্ষী জোৱান !

    তিনিচুকীয়া : আলফা (স্বাঃ)-এ তিনিজন অ'এনজিচিৰ কৰ্মচাৰী অপহৰণ কৰা ঘটনাই নতুন মোৰ লৈছে৷ এই ঘটনাৰ লগত অসম আৰক্ষী জোৱান জড়িত থকাৰ সন্দেহত আজি শদিয়াত আটক কৰে এজন আৰক্ষী কনিষ্টবলক৷ এই সন্দৰ্ভত অসম আৰক্ষীৰ বিৰুদ্ধে তথ্য লুকুওৱাৰ অভিযোগ উত্থাপন হৈছে৷  শীঘ্ৰেই অভিযোগ উত্থাপন হোৱা তিনিওজন জোৱানে আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে৷ 





    আৰু পঢ়িব পাৰিব : বিনামূলীয়া প্ৰতিষেধক : বাট দেখুৱাইছে দিল্লী চৰকাৰে





    অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত অসম আৰক্ষীৰ আটকাধীন কনিষ্টবল শদিয়াৰ তেলিকলা গাঁৱৰ বসন্ত বুঢ়াগোহাঁই৷ তেওঁ অসম আৰক্ষীৰ ২৫নং বেটেলিয়নৰ কনিষ্টবল ৰূপে লাকুৱাত কৰ্মৰত আছিল৷





    শদিয়াৰ বচাগাঁৱৰ চাপৰিৰ পৰা আৰক্ষীয়ে আটক কৰে ধৃত কনিষ্টবলজনক৷ শদিয়া জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰাৰ পাছত ডিব্ৰুগড় জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষী থানালৈ নিয়ে ধৃত কনিষ্টবলজনক৷





    আৰু পঢ়িব পাৰিব : অসমীয়া চলচ্চিত্ৰ ‘ব্ৰীজ’লৈ গুৰুত্বপূৰ্ণ স্বীকৃতি





    ইতিমধ্যে কনিষ্টবলজনৰ বিৰুদ্ধে টেঙাখাত আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ ধাৰাত ৪০/২১ গোচৰ ৰুজু হৈছে৷