• অক্টোবৰ মাহত সমগ্ৰ অসমতে বোমা বিস্ফোৰণৰ কোনে দিলে ভাবুকি! জানক সবিশেষ

    আঞ্চলিক
    অক্টোবৰ মাহত সমগ্ৰ অসমতে বোমা বিস্ফোৰণৰ কোনে দিলে ভাবুকি! জানক সবিশেষ

    ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হোৱাৰ দিশত বড়োভূমি! বিটিআৰত স্থায়ী শান্তি ঘুৰি অহাৰ সময়তে পুনৰ জন্ম পালে এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন। পুনৰ উত্থাপিত হ'ল একেই দাবী - ডিভাইদ আচাম ফিফ্টী-ফিফ্টী।





    অস্ত্ৰৰ ঝণঝণনিৰে বড়োভূমিত পুনৰ গৰ্জন, একেই শ্লোগান। ডিভাইদ আচাম ফিফ্টী-ফিফ্টী - এবছুৱে ৰাখিছিল এই দাবী। এনডিএফবিকে ধৰি আটাইকেইটা সশস্ত্ৰ বিদ্ৰোহী গোটে আলোচনাত মিলিত হৈ কৰিছিল বিটিআৰ চুক্তি। চুক্তিৰ পাছত ভবা হৈছিল বড়োভূমিত স্থায়ী শান্তি বিৰাজ কৰিব। হত্যালীলা-বলিদানৰ বিপৰীতে উৰিব উন্নয়ণৰ ধ্বজা। কিন্তু বাৰে বাৰে স্থয়ী শান্তিৰ সপোন ধূলিসাৎ হৈ আহিছে বিটিআৰত। পুনৰ জন্মলাভ কৰিছে ইউনাইটেড লিবাৰেচন অফ বড়োলেণ্ড চমুকৈ ইউএলবি নামৰ সশস্ত্ৰ সংগঠনে। সামাজিক মাধ্যমত ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে ইউএলবি-এ। উত্থাপন কৰিছে ৰঞ্জন দৈমাৰীসহ এনডিএফবি কেদাৰৰ মুক্তিৰ দাবী। অন্যথা বিটিআৰসহ সমগ্ৰ অসমতে অক্টোবৰত বোমা বিস্ফোৰণৰ ভাবুকি দিছে সংগঠনটোৱে। পৰবৰ্তী সময়ত ইউএলবিৰ এনে ভাবুকিৰ প্ৰত্যুত্তৰ কি হ'ব গৃহ বিভাগৰ! বড়োভূমিত স্থায়ী শান্তি উভতি নাহিবই নেকি? এনেবোৰ প্ৰশ্ন এতিয়া প্ৰাসংগিক হৈ পৰিছে।